মেধি তীৰ্থলৈ যায় – মূলভাব | Medhi Tirthaloi Jaai Summary

Here in this post, you will get the Assamese poem “Medhi Tirthaloi Jaai” which is written by poet Dandinath Kalita. We have also given the summary of the poem Medhi Tirthaloi Jaai at our level best. There might be some lines we miss out on. We are extremely sorry for that. ইয়াত দণ্ডিনাথ কলিতা দেৱে ৰচনা কৰা মেধি তীৰ্থলৈ যায় কবিতা সম্পূৰ্ণকৈ দিয়া হৈছে। লগতে মেধি তীৰ্থলৈ যায় কবিতাটোৰ মূলভাব দিবলৈ চেষ্টা কৰা হৈছে।

মেধি তীৰ্থলৈ যায় - মূলভাব | Medhi Tirthaloi Jaai Summary and Questions Answers | Class & | Assam Jatiya Vidyalaya প্ৰশ্ন উত্তৰ

মেধি তীৰ্থলৈ যায় কবিতাটোৰ সাৰাংশ / মূলভাব – Summary of the Poem Medhi Tirthaloi Jaai

The complete version of the Assamese poem Medhi Tirthaloi Jaai is given below. This is poem is in the textbook of class 7 of Assam Jatiya Vidyalaya. তলত মেধি তীৰ্থলৈ যায় কবিতাটো দিয়া হৈছে। অসন জাতীয় বিদ্যালয়ৰ সপ্তম মান শ্ৰেণীৰ চাৰি সংখ্যক পাঠটোৰ পৰা লোৱা হৈছে।

মেধি তীৰ্থলৈ যায়

কবি: দণ্ডিনাথ কলিতা

কলিয়াবৰত মেধিৰ ঘৰ, নাম গোৱাত সুখ্যাতি বৰ,

কানীয়া মেলতো সবাৰে মাজত মানভাগটি পায়;

পুণ্য কৰিবৰ মনেৰে আজি মেধি তীৰ্থলৈ যায়।

লেখি-বুজি মোনাত ভৰি, ল’লে টকা আঢ়ৈকুৰি,

ল’লে ভৰাই কানিৰ টেমাটো, ওলাল মঙল চাই;

গোটেই গাঁৱতে উঠিল ঢৌ মেধি তীৰ্থলৈ যায়।

দেখিলে মেধিয়ে জাহাজ পাই, টিকট-ঘৰত উঠিছে হাই,

নোচোৱাকৈ টিকট কিনাৰ উপায় দেখোন নাই।

ধুতি গাৰে মেধি এতিয়া কেনেকৈ তীৰ্থলৈ যায়?

কৰিলে প্ৰশ্ন ‘যাবি ক’লৈ?’ মেধিয়ে বোলে, ‘তীৰ্থ য’লৈ’,

শুনি বাবুৱে দিলে ধমক, ‘তেনে টিকট নাই’;

কি হ’ব উপায়, কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায়।

জাহাজত মেধিয়ে ল’লে উঠি, মেলিলে জাহাজে ঘোঁৰাৰ ছুটি;

পাৰৰ গছবোৰ উভতি লৰিলে, এনে অদভূত নাই,

লগুণডালত খামুচি ধৰি মেধি তীৰ্থলৈ যায়।

দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ টৌ তুলি,

এনেতে বালিত সোমাই পৰিল, অলপো লৰচৰ নাই;

সৰ্বনাশ হ’ল, এতিয়া কেনেকৈ মেধি‘তীৰ্থলৈ যায়।

তিনিদিন জাহাজ তাতে ৰ’ল, মেধি উঠিব নোৱাৰা হ’ল,

বঙালে-কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায়?

কলপ্কলপূ্‌কৈ শুধ শৰীৰে মেধি তীৰ্থলৈ যায়।

মেধি তীৰ্থলৈ যায় – Class 7 | Chapter 4 | Assam Jatiya Vidyalaya | Question Answers

মেধি তীৰ্থলৈ যায় কবিতাটোৰ মূলভাব:

মেধি তীৰ্থলৈ যায় পদ্যটিত কবি দণ্ডিনাথ কলিতা দেৱে এজন মেধি তীৰ্থলৈ যাওতে ঘতা বিভিন্ন কথা বৰ্ণনা কৰিছে। মেধিৰ ঘৰ কলিয়াবৰত আৰু তেওঁ নাম গোৱাত বৰ সুখ্যাতি আছিল কাৰনে কানীৰ মেলতো মানভগটি পাইছিল। এবাৰ তেওঁ নিজকে পুণ্য কৰিবৰ বাবে তেওঁ তীৰ্থলৈ বুলি ওলালে। মেধিয়ে লগত আঢ়ৈকুৰি টকা, কানিৰ টেমাতো ভৰাই লৈ গোটেই গাঁৱ ৰাইজক জনাজাত কৰি মঙল চাই যত্ৰা আৰম্ভ কৰিলে।

মেধিয়ে গৈ দেখিলে যে জাহাজৰ টিকত-ঘৰত ভীৰ লাগি আছে। তাকে দেখি মেধিয়ে চিন্তাত পৰিল কাৰণ কাৰো গাত নলগাকৈ টিকত কৰাৰ ওপায় নাছিল। তাকে কৰিলে মেধিৰ আকৈ চুৱা হ’ব বুলি চিন্তাত পৰিল। মেধিত টিকট ঘৰত কৈলৈ যাব বুলি প্ৰশ্ন কাৰত মেধিয়ে তীৰ্থলৈ যাম কোৱাত ধমক লগালে কিয়নো তেনে কোনো স্থানলৈ জাহাজ খন নযায়।

উপায় নাপায় মেধিয়ে জাহাজত উঠি যত্ৰা আৰাম্ভ কৰিলে। জাহাজ খন যাত্ৰা আৰাম্ভ কৰোতে ডাঙৰ শব্দ কৰাত কাষৰ গছ-গছনি বিলাক লৰিবলৈ ধৰা দেখি মেধিয়ে ভয় খাইছিল। ভয়তে মেধিয়ে নিজৰ লগুণডালকে খামুছি ধৰিছিল, কিয়নো আন ঠাইত স্পৰ্শ কৰিলে মেধিৰ গাত চুৱা লাগিব আৰু তেওঁ তীৰ্থলৈ যাব নোৱাৰিব।

দুখন মান তামোল খোৱাৰ সময় পাৰ নহওতেই ঢৌ তুলি গৈ থকা জাহাজখন বালিত সোমাই পৰিল। তেনেকৈয়ে জাহাজখন তিনিদিন লাগি ধৰাত মেধিয়ে একো খোৱা-বোৱা নকৰি মেধি দুৰ্বল হৈ উঠিব নোৱাৰ হ’ল। কিয়নো জাহাজ খনত বিভিন্ন জাতিৰ মানুহে ভৰি-পৰি আছিল আৰু খালে মেধিৰ চুৱা লাগিব বুলি ভয়। দূৰ্বল দেহাই আৰু শুদ্ধ শৰীৰে যেনে-তেনে মেধিয়ে তীৰ্থলৈ গৈছে বুলি কবিয়ে কৈছে।

এই পদ্যটিত কবিয়ে সেই সময়ৰ সমাজ ব্যৱস্থা কথা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published.