স্বদেশ প্ৰেম কবিতাটোৰ সাৰাংশ | Class 7 Assamese | Assam Jatiya Vidyalaya

ইয়াত পদ্মধৰ চলিহা দেৱে ৰচনা কৰা স্বদেশ প্ৰেম নামৰ কবিতাটোৰ সাৰাংশ লগতে উত্তৰ সমূহ দিয়া হৈছে। The summary and the questions and answer for chapter 1 of class 7 of Assam Jatiya Vidyalaya is given in this post. The name of the chapter is “Swadesh Prem”.

স্বদেশ প্ৰেম (Swadesh Prem)Questions and Answers for Class 7

স্বদেশ প্ৰেম কবিতাটোৰ সাৰাংশ | Class 7 Assamese | Assam Jatiya Vidyalaya - Summary of the Poem Swadesh Prem

১) স্বদেশ প্ৰেম কবিতাটোৰ সাৰাংশ লিখা ।

উত্তৰ: স্বদেশ প্ৰেম কবিতাটো সৰাংশ:

স্বদেশ প্ৰেম কবিতাটো কবি পদ্মধৰ চলিহা দেৱৰ এটা সৰ্বাংগ সুন্দৰ কবিতা | এই কবিতাটোত কবিৰ নিজৰ জনমভূমিৰ প্ৰতি থকা প্ৰেমৰ সাৰ্বজনীনতা আৰু মহিমাৰ কথা প্ৰকাশ পাইছে ।কবিৰ মতে এই পৃথিৱীত কোনেও নিষ্ঠুৰ হৃদয় লৈ জন্মগ্ৰহণ নকৰে | নিজৰ মাতৃভূমি তথা দেশ খনক ভাল নোপোৱা ব্যক্তি নাই। যদি কোনোবা তেনেকুৱা ব্যক্তি আছে ,কবিয়ে তেওঁলোকক হৃদয়হীন ব্যক্তি বুলি কৈছে |

বিদেশৰ পৰা স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোঁতে যাৰ অন্তৰ স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ নহয়, তেনে ব্যক্তিক চিনি খোৱা উচিত । কাৰণ তেনেকুৱা লোক স্বাৰ্থপৰ স্বভাৱৰ | কোনো ব্যক্তিয়েই তেনে লোকৰ জয়গান নকৰে । কৰিব মতে,হাজাৰ উপাধি থাকিলেও,সমগ্ৰ পৃথিৱীজুৰি নাম থাকিলেও বা প্ৰচুৰ ধনসম্পত্তি,কস্বৰ্য-বিভূতি থাকিলেও সেইবোৰৰ কোনোটোৱেই স্বদেশ প্ৰেমৰ সমতুল্য নহয় । স্বদেশপ্ৰেম নথকা জনক বাকী কোনো গুনেই অমৰ কৰিব নোৱাৰে। তেনেলোকৰ মৃত্যুতে সকলো শেষ হয়।

আনহাতে দেশপ্ৰেমীজন আন সকলোবোৰ গুণৰ লগতে সকলোৰে আদৰৰ, সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ। তেওঁৰ মৃত্যুত সমগ্ৰ পৃথিৱীয়ে কান্দে। মৃত্যুৰ পিছত তেনে লোকৰ গুণ বখালি কবিয়ে কবিতা ৰচে। সৰ্বসধাৰণ মানুহেও তেওঁক সদায় মনত ৰাখে। আৰু তেওঁৰ গুণ-গাণ কৰে। অৰ্থাৎ দেশপ্ৰেমীজন মৰিও অমৰ হয়। কবিয়ে তেনে ব্যক্তিৰ কীৰ্তি জগতত থাকি যায় বুলি কৈছে। আনহাতে স্বাৰ্থপৰ লোকক মানুহে অতি সহজেই পাহৰি যায়। তেওঁৰ মৃত্যুত কোনেও দুখ প্ৰকাশ কৰি চকুলো নোটোকে বুলি কবিয়ে কৈছে।

Leave a Comment