This is a list of Synonyms (Samarthak Shabda) in Assamese. This list of synonyms for Assamese words contains more than 100 words. This list is specially made for class 5, class 6, and class 7 students who are Assamese Medium students. It will be very helpful for them. For class 8 to 10 students, we have posted another that contains more Assamese synonyms words, and the level of difficulty is high.
ইয়াত অসমীয়া সমাৰ্থক শব্দ বা প্ৰতিশব্দ বা একাৰ্থবোধক শব্দ একন তালিকা দিয়া হৈছে। তালিকা খনত মূঠ ১০০ৰো অধিক শব্দৰ সমাৰ্থক শব্দ দিয়া হৈছে।
১০০+ অসমীয়া সমাৰ্থক শব্দ বা প্ৰতিশব্দ – তালিকা | A list of Synonyms in Assamese
ওপজা, জন্মা, ভূমিষ্ঠ হোৱা, অভ্যুদয় হোৱা আদি শব্দবোৰৰপৰা আমি একেটা অৰ্থকে , বুজোঁ বা গ্রহণ কৰোঁ। আমি কথা কওঁতে বা লিখোঁতে যিটো শব্দ উপযুক্ত বা ভাব প্ৰকাশৰ বাবে প্ৰয়োজনীয় বুলি ভাবোঁ সেইটো শব্দকে ব্যৱহাৰ কৰোঁ। একে অৰ্থ বুজোৱা কেবাটাও শব্দৰ মাজৰপৰা উপযুক্ত অৰ্থ দান কৰিব পৰা শব্দটো ব্যৱহাৰ কৰাৰপৰা ভাষাৰ মান উন্নত হয়। কোৱা বা লিখা কথাখিনিৰ মৰ্যাদা বা মান্যতাৰ প্ৰতি লক্ষ্য ৰাখি এই শব্দবোৰ ব্যৱহাৰ কৰা হয়। যেনে – কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা তিথিত বেজবৰুৱা উপজিছিল। কৃপাবৰে বেজবৰুৱা ভূমিষ্ঠ নহৈ নৌকাষ্ঠ হোৱা বুলি ৰগৰ কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ অভ্যুদয় অসমৰ গৌৰৱ।
প্ৰতিশব্দ বা সমাৰ্থক শব্দ বা একাৰ্থবোধক শব্দ কাক বোলে? – Definition of Synonyms in Assamese
ওপৰৰ বাক্যকেইটাত মূলতঃ এটা অর্থ প্রকাশ কৰাৰ বাবেই বেলেগ বেলেগ একীৰ্থবোধক শব্দ প্ৰয়োগ কৰা হৈছে। এইদৰে একে অৰ্থ প্ৰকাশ কৰিব পৰা শব্দবোৰকে সমাৰ্থক শব্দ, একাৰ্থবোধক শব্দ বা প্ৰতিশব্দ বোলে। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে তলত প্ৰতিশব্দ কিছুমানৰ এখন তালিকা দিয়া হ’ল।
অসমীয়া প্ৰতিশব্দ বা একাৰ্থবোধক শব্দৰ তালিকা
Below is the list of synonyms for Assamese Words. I hope that students will be helpful. There are a lot of words we didn’t include in our list, but we include them as soon as possible.
শব্দ | সমাৰ্থক শব্দ বা প্ৰতিশব্দ |
কলম | কাপ, লেখনী |
কাম | কৰ্ম, কৰম |
খবৰ | বাতৰি, সংবাদ |
খৰচ | ব্যয় |
গৰম | তপত, উষ্ণ |
গঙ্গা | জাহ্নৱী, ভাহিৰথী, পদ্মা |
গৰ্ব | অহঙ্কাৰ, ফিতাহি, গৌৰৱ |
ঘৰ | আলয়, গৃহ, ভৱন, কুটীৰ |
ঘোঁৰা | অশ্ব, হয়, তুৰগ |
ঘূৰণীয়া | বৃত্তাকাৰ, গোলাকাৰ |
চন্দ্ৰ | জোন, শশী, শশধৰ, নিশাপতি |
চকু | নেত্ৰ, অক্ষি, আখি, নয়ন, লোচন |
চকা | চক্ৰ, চকৰি |
ছাল | চৰ্ম |
ছবি | চিত্ৰ |
জননী | মাতৃ, আই, মা |
জুই | অগ্নি, বহ্নি, হুতাশন |
জগত | পৃথিৱী, ধৰা, ধৰিত্ৰী, বসুধা |
টকা | ধন, পইচা |
ঠগী | শৰাই, নৈবেদ্য |
ঠগ | প্ৰতাৰক, প্ৰৱঞ্চক |
দুৰ্গা | চামুণ্ডা, মহিষমেৰ্দ্দিনী, কৌশিকী, কাত্যায়নী, মঙ্গলচণ্ডী, জগদম্বা, ভবানী, বাসন্তী, কল্যাণী, শিৱানী, ইন্দ্ৰানী, মনসা, উমা |
নদী | তটিনী, প্ৰৱাহিনী |
নতুন | নবীন, অৰ্বাচীন |
নাটক | অভিনয়, ভাওনা |
নুমলীয়া | শেষৰ, শেহতীয়া |
পৰ্বত | অচল, গিৰি |
পাৰ্গত | নিপুণ, পটু |
পানী | জল, অপ, পয় |
পদুম | পদ্ম, কমল, নলিনী, শতদল, সৰোজনী |
পত্ৰ | চিঠি, খত |
পাৰ্বতী | গৌৰী, গৌৰবৰ্ণা, ভগৱতী, দুৰ্গা, পদ্মাৱতী, বাসন্তী, উমা, বগলামুখী, মঙ্গলচণ্ডী, বাসন্তী, কমলা |
পত্নী | ঘৈণী, তিৰোতা, অৰ্দ্ধাঙ্গিনী |
ফুল | পুষ্প |
ফৌজ | সৈন্যবাহিনী, সৈন্যদল |
বতাহ | বায়ু, পৱন, সমীৰণ |
বাহু | হাত, হস্ত, কৰ |
বাসুদেৱ | শ্ৰীকৃষ্ণ, যাদৱ, নাৰায়ণ, যদুপতি, মাধৱ |
বন | বননি, হাবি, অৰণ্য, জঙ্ঘল |
বাণী | কথা, বাক্য, বচন |
ভানু | সূৰ্য, তপন, দিনকৰ, সৱিতা, ৰবি, ভাস্কৰ |
ভাৰতী | সৰস্বতী, বীণাপাণি |
ভাবুক | চিন্তাশীল, কবি |
ভয়ঙ্কৰ | ভয়ানক |
মূল্য | দাম, দৰ |
মৰম | স্নেহ, আদৰ |
মৃত্যু | মৰণ, স্বৰ্গী, দেহান্তৰ, শেষ নিশ্বাস |
যত্ন | চেষ্টা, পুৰুষাৰ্থ |
ৰণ | যুদ্ধ, যুঁজ |
ৰং | আনন্দ, স্ফুৰ্তি |
ৰজা | নৃপতি, ভূপাল, ভূপতি, মহীপাল |
ৰমণী | তিৰোতা, অবলা, নাৰী |
ৰাগ | ক্ৰোধ, খং |
ৰাতি | ৰাত্ৰি, নিশা, ৰজনী |
ৰত্ন | মাণিক, হীৰা, মুকুতা |
ৰোগ | অসুখ, বেমাৰ, নৰিয়া |
লাহি | নৰম, কোমল, লেহুকা |
লাঠি | টোকোন, লাখুটি |
লোক | মানৱ, মানুহ, মনুষ্য |
ললিত | সুন্দৰ, ধুনীয়া, সুৱদী |
লোহিত | লুইত, বৰনৈ, ব্ৰহ্মপুত্ৰ |
শকত | ডাঙৰ, মোটা |
শঙ্কৰ | শিৱ, মহাদেৱ, ভোলানাথ, ত্ৰিনয়ন, চন্দ্ৰশেখৰ |
শক্তি | ক্ষমতা, বল |
শোণিত | তেজ, ৰক্ত |
সৰল | সহজ, পোন |
সম্বল | আহিলা, উপাদান |
সাগৰ | সমুদ্ৰ, সিন্ধু |
সৰোবৰ | জলাশয়, হ্ৰদ |
সৰস্বতী | বীনাপাণি, ভাৰতী |
সত্য | আচল, সঁচা, প্ৰকৃত |
সব্যসাচী | পাৰ্থ, অৰ্জুন, বৃহন্নলা |
হাত | বাহু, হস্ত, কৰ |
হাতী | গজ, হস্তী |
হয় | ঘোঁৰা, অশ্ব, তুৰগ |
হৰ | শিৱ, শঙ্কৰ, দিগম্বৰ, সদাশিৱ |
হৰ্ষ | আনন্দ, উল্লাস, পুলক |
হাবি | বননি, অৰণ্য, বন, জঙ্ঘল |
হৰি | ভগৱান, শ্ৰীকৃষ্ণ, বাসুদেৱ, কানাই, দৈৱকীনন্দন |
হানি | লোকচান, অপকাৰ, ক্ষতি |
অচল | স্থিৰ, পৰ্বত, স্থবিৰ |
অন্ত | ডুব যোৱা, মাৰ যোৱা |
আৰ্হি | চানেকি, উদাহৰণ, পটন্তৰ |
আকাঙক্ষা | ইচ্ছা, আগ্ৰহ, হাবিয়াস |
আধুনিক | নতুন, অৰ্বাচীন |
ইন্দ্ৰ | বাসৱ, শশীপতি, দেৱৰাজ |
ঐৰাৱত | হাতী, গজ, হস্তী |
উত্তম | শ্ৰেষ্ঠ, উৎকৃষ্ট |
ঊষা | ৰাতিপুৱা, প্ৰাতঃ |
উদৰ | পেট, গৰ্ভ |
আগলৈ অধিক শব্দ অন্তভুক্ত ক্ৰা হ’ব।