ছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা | Duties of Students Assamese Essay

Telegram Group Join Now
Youtube Channel Subscribe

This is an essay on the Duties of students in the Assamese language which is written in 300 words. Since the words used in this Duties of students Assamese essay are very easy to understand, this essay will be very useful for class 5, class, and class 7 students of Assamese medium.

ছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা | Essay On Duties of Students in Assamese

ইয়াত ছাত্ৰৰ কৰ্তব্য বিষয়ে লিখা এখন ৰচনা লিখা হৈছে। ৰচনাখন ৩০০ শব্দৰ ভিতৰত লিখা হৈছে। ৰচনাখন সকলো শ্ৰেণীৰ ছাত্ৰ-ছত্ৰীৰ বাবে উপযোগী হ’ব।

ছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা | Essay On Duties of Students in Assamese

The subtopic of this Assamese essay on Student’s Duties is given below. You will be able to have quick look of the content of this essay. ছাত্ৰৰ কৰ্তব্য বিষয়ে লিখা অসমীয়া ৰচনাখন সহজ ভাষাত সকলো ছাত্ৰ-ছাত্ৰীয়ে বুজি পোৱাকৈ সুন্দৰ্কৈ লিখা হৈছে। ৰচনাখনত উল্লেখ কৰা বিষয়বস্তু বোৰ তলত দিয়া হ’ল।

ছাত্ৰৰ কৰ্তব্য – Duties of Students Assamese Essay

আৰম্ভণি:

বিদ্যা-শিক্ষা লাভৰ বাবে যিসকল ল’ৰা-ছোৱালী বিদ্যালয়লৈ অহা-যোৱা কৰে সেইসকলেই ছাত্ৰ-ছাত্ৰী। ছাত্ৰৰ কৰ্তব্য সম্পৰ্কে সংস্কৃত ভাষাত এষাৰ নীতি-বচন আছে–ছাত্ৰানাং অধ্যয়নং তপঃ। অধ্যয়ন ছাত্ৰসকলৰ বাবে তপস্যা অৰ্থাৎ ছাত্ৰৰ কৰ্তব্য অধ্যয়ন কৰা ।

ছাত্ৰৰ অধ্যয়ন আৰু পৰিবেশ:

ছাত্ৰসকলৰ প্ৰাথমিক বা ঘাই কৰ্তব্য অধ্যয়নৰদবৰা জ্ঞান আহৰণ কৰা। এই অধ্যয়নৰ বাবে ছাত্ৰসকলক এটা সুস্থ, শান্তিময় পৰিৱেশ লাগে। পৰিৱেশ শব্দই বিদ্যালয় ঘৰ, সমাজ আৰু দেশৰ চাৰিওফালৰ অৱস্থাক বুজায়।

বিদ্যালয়ৰ পৰিৱেশ:

বিদ্যালয়ৰ পৰিৱেশ মানে বিদ্যালয়ৰ ঘৰ-দুৱাৰ, শিক্ষা লাভৰ সা-সঁজুলি, শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা, নিয়মানুৱৰ্তিতা, পাঠ্যপুথি আদি সকলোকে সামৰে। বিদ্যালয় নাম দি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা একোটা নামমাত্ৰ ঘৰ হ’লেই বিদ্যালয় নহয়। আমাৰ দেশত থকা সৰহভাগ বিদ্যালয়ৰ পৰিৱেশ সন্তোষজনক নহয়। ঘৰ-দুৱাৰ, সা-সঁজুলি, শিক্ষক-শিক্ষয়িত্ৰী, পাঠ্যপুথি সকলোৰে অভাৱ-অনাটন। এনে পৰিৱেশ বিদ্যা আহৰণৰ পৰিৱেশ নহয়। বিদ্যালয়খনৰ আকৰ্ষণীয় পৰিৱেশ নহ’লে ছাত্ৰ-ছাত্ৰী অধ্যয়নবিমুখ হোৱাৰ আশংকা থাকে।

ঘৰুৱা পৰিৱেশ:

ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন বা শিক্ষা লাভৰ বাবে শান্ত, সুস্থিৰ এটা ঘৰুৱা পৰিৱেশ লাগে। শিক্ষাৰ মোল নুবুজা, সকলো সময়তে হৈ-চৈ লাগি থকা, দুবেলা দুসাঁজ পেট পূৰাই আহাৰ খাব নোপোৱা ঘৰ এখন অধ্যয়নৰ পৰিৱেশ থকা ঘৰ সমূলি নহয়।

সামাজিক বা দেশীয় পৰিৱেশ:

সমাজ বা দেশৰ অস্থিৰ পৰিৱেশে সকলোৰে মনত উদ্বিগ্নতাৰ সৃষ্টি কৰে। এনে পৰিৱেশ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ পৰিৱেশ নহয়।

প্ৰতিখন বিদ্যালয়, প্ৰতিখন ঘৰ আৰু প্ৰতিখন সমাজে যথাসম্ভৱ এটা পৰিৱেশৰ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ যত্ন কৰে। ছাত্ৰ-ছাত্তীসকলে নোপোৱাৰ মাজতে পোৱা এই পৰিৱেশত থাকিয়েই নিজ কৰ্তব্য অধ্যয়ন অটুট ৰখা উচিত। দেশত বা সমাজত যিবোৰ সুবিধা নাই সেইবোৰ সুবিধা ভৱিষ্যতে কৰাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণৰ বাবে যৎপৰোনাস্তি যত্ন কৰা উচিত। পৰিতাপৰ কথা যে আমাৰ দেশত শিক্ষাৰ পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বহু সময়ত আন্দোলন কৰিব লগা হয়।.

ছাত্রৰ আন কৰ্তব্য:

এখন মাৰ্জিত সমাজ ৰচনাত ছাত্ৰ-ছাত্ৰীসকলে অৰিহণা যোগাব পাৰে। অধ্যয়নৰ উপৰি ছাত্ৰসকলে নিজৰ আচৰণ ভদ্ৰ-মাৰ্জিত কৰাৰ বাহিৰেও সমাজৰপৰা অমাজিত আচৰণ ৰহিত কৰাত সহযোগ কৰিব পাৰে। নিবক্ষৰ লোকসকলক সাক্ষৰ কৰাত সহীয় সহযোগ আগবঢ়াব পাৰে। কিন্তু ছাত্ৰসকলে কোনো ৰাজনৈতিক আদৰ্শেৰে কাম কৰিব নালাগে। কোনো ৰাজনৈতিক নেতাৰ ফুচুলনিত কাম কৰিব নালাগে। অৰাজনৈতিকভাৱে সম্ভাৰ বয়া কামবোৰ দূৰ কৰাৰ বাবে ছাত্ৰসকলে যত্ন কৰিব পাৰে। ছাত্ৰ শক্তি বৃহৎ শক্তি। এই শক্তি’ৰ সজ উদ্দেশ্যৰে কাম কৰিলে সকলোৰে মংগল সাধন হ’ব।

সামৰণি:

ছাত্ৰসকলক অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰি দিয়াত দেশৰ প্ৰতিজন বয়স্ক, বিজ্ঞ প্াত্ডিয়ে যতুপৰ হ’লে ছাত্ৰসকলৰ লগতে দেশৰ ভৱিষ্যৎ মংগল হ’ব।

(ৰচনাখন আন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে)

Leave a Comment