Here in this post, you will get the summary of the Assamese poem “Janambhumi” which is written by Nalinibala Devi. This poem is from the class 6 textbook. ইয়াত জনমভূমি কবিতাটোৰ সাৰাংশ সহজ ভাষাত দিয়া হৈছে। জনমভূমি নামৰ কবিতাটোৰ কবি নলিনিবালা দেৱী। এই পাঠটি ষষ্ঠ মান শ্ৰেণীৰ পাঠ্য-পুথিত অন্তৰ্গত।
জনমভূমি কবিতাটোৰ সাৰাংশ আৰু প্ৰশ্ন উত্তৰ – Question and Answer for the Poem “Janambhumi”
১) জনমভূমি কবিতাটোৰ সাৰাংশ / মূলভাব লিখা।
উত্তৰ:
জনমভূমি কবিতাৰ মূলভাব:
জন্মভূমিৰ লগত কবিৰ আজন্ম সম্বন্ধ। তেওঁৰ জন্মভূমি তেওঁৰ, বাবে সৰগতকৈও শ্ৰেষ্ঠ, অতি মৰমৰ। কবিয়ে বিচাৰে যেন তেওঁৰ মৃত্যুও ইয়াতে হয়। কবিয়ে তেওঁৰ জন্মভূমিৰ প্ৰতি কৰ্তব্য ইহ জনমত কৰা কামেৰে পূৰ্ণ হোৱা নাই বুলি ধাৰণা কৰিছে। সেই কাৰণে তেওঁ কৈছে যে তেওঁৰ পুনৰ জন্মও এই দেশতেই বিভিন্ন ৰূপত হওক যাতে সেইবোৰ ৰূপেৰেও তেওঁ দেশমাতৃক সেৱা কৰিব পাৰে।
এখনি পুণ্যৰ আশ্ৰম, এখনি তীৰ্থস্থানস্বৰূপ এই দেশখন দুখীয়া হ’লেও ইয়াৰ ভগা পঁজাতেই কবিয়ে মৰাৰ পিছতো আহি পুনৰ জনম্ লভিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেতিয়া তেওঁ পখী হৈ এই দেশৰেই গছত বাহ লৈ, আকাশৰ বুকুত উৰি ফুৰি পুৱতিৰ গীতেৰে দেশমাতৃক জগাব। এ্রই দেশতেই আকৌ তেওঁ প্রকৃতিৰ সেউজীয়া ৰূপ আকাশৰ তৰা হৈ চাই থাকিব আৰু জোনাকৰ স’তে মিলি ৰে ৰাতি জন্মভূমিক আৰতি কৰিব।
হিমালয় পৰ্বতৰ মানসী বিলত পদুম হৈ ফুলি থাকিব আৰু পাৰিজাত ফুলৰ সুবাসিত মলয়াৰ চোঁৱৰেৰে দেশমাতৃক বিচি দিব। নদ্টী হৈ চৰণ পখালি, মাটি হৈ দেশৰ বুকুঁত মিলিব আৰু সোণোৱালী মেঘ হৈ ওঁঠত হাঁহি বিৰিঙাব।
জন্মভূমিখন ধুলি-বালিৰে ভৰা হ’লেও কবিৰ কাৰণে সৰগৰ দৰে পুণ্য তীৰ্থস্থানসদৃশ। ইয়াৰ মানুহবোৰ পঁজাঘৰত বাস কৰিলেও পৰস্পৰৰ মাজত থকা প্ৰেম-প্ৰীতি আদিয়ে কবিক মুগ্ধ কৰিছে। সেয়ে এইখন দেশতে তেওঁ আকৌ জনম লোৱাৰ হাবিয়াস কৰিছে।