अष्टमः पाठः

प्रसरतु सुरभारती – Sanskrit Chapter 8 in English and Assamese – SEBA Class 10
সংস্কৃতেই হৈছে প্ৰায় সকলো ভাৰতীয় ভাষাৰে জননী। ‘সংস্কৃত’ শব্দটিৰ অৰ্থ হৈছে সুসংগঠিত। পৃথিৱীত যিমানবিলাক ভাষা আছে, সেই সকলোবোৰৰ ভিতৰত সংস্কৃত ভাষাৰ সাহিত্যই হৈছে আটাইতকৈ চহকী আৰু বিশাল। ইয়াত আছে সুবৃহৎ মহাকাব্য আৰু পুৰাণসমূহ, সুগভীৰ শাস্ত্ৰৰাজি, নিগূঢ় দৰ্শন, সুবিশাল কাব্যৰাশি আৰু অনেক ধাৰাত বিভক্ত নানা গ্ৰন্থ। সংস্কৃত সাহিত্যত মানৱসত্তাৰ আধ্যাত্মিক, আৱেগিক দৈহিক আৰু মানসিক এই সকলো দিশৰে সম্পূৰ্ণ প্ৰতিফলন ঘটিছে। বহিৰ্জগতৰ লগত আমাৰ সম্পৰ্কবোধৰ ক্ষেত্ৰত এই সাহিত্যই এক নতুন পথৰ সন্ধান দিয়ে আৰু এক সুখময় জীৱনৰ ভেটি প্ৰতিষ্ঠা কৰে। বাল্মীকি, ভৱভূতি, ভাস, বেদব্যাস, কালিদাস আদি মহান কবিসকলে তেওঁলোকৰ অমূল্য ৰচনাৰাজিৰে সংস্কৃত সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। এই পাঠটিত সংস্কৃত ভাষাৰ কিছু অতীত গৌৰৱৰ ওপৰত কিছু আলোকপাত কৰা হৈছে। পাঠটি ৰচনা কৰি উলিয়াইছে মহামহোপাধ্যায় অধ্যাপক ড° মুকুন্দমাধৱ শৰ্মাদেৱে।
Sanskrit language is the mother of almost all Indian languages. The word ‘Sanskrit’ means ‘perfectly constructed.’ Sanskrit has one of the richest and most extensive literatures of all known languages. It introduces children to vast epics, profound scripturs, subtle philosophy, voluminous mythology, gigantic poetry and much else. Sanskrit literature embodies a comprehensive map of human make-upspiritual, emotional, mental and physical. It presents a new way of understanding our relation to the rest of the creation and lays out the laws productive of a happy life. वाल्मीकि, भवभूति, भास, वेदव्यास and कालिदास are some famous writers who enriched the Sanskrit literature with their invaluable writings. In this poem an attempt has been made to focus some prestine glory of the Sanskrit language. It is composed by Mahamahopadhyya Professor Dr. Mukunda Madhava Shanna.
शान्ति-मैत्री-सुखप्रसविनी
प्रेम-प्रीति-भावविलासिनी
कामधेनुरिव विभवस्त्राविणी
प्रसरतु सुरभारती
बिजयते सुरभारती।
वेदवेदान्तज्ञानजननी
नानारससुधा-मधुस्त्रोतस्विनी
सुरतरुरिव कामप्रदायिनी
प्रसरतु सुरभारती
विजयते सुरभारती।
वाल्मीकिमुनि-भवभूति-भास-
वेदव्यास-कविकालिदास-
प्रमुखपूजितदेवीस्वरूपिणी
परम-पूतचरितचारिणी
नानाज्ञानसुधास्वर्गतटिनी
प्रसरतु सुरभारती
विजयते सुरभारती।
সংস্কৃত শব্দাৰ্থ : (Word-Meaning of Sanskrit Chapter 8 in Englsih and Assamese – SEBA Class 10)
प्रसविनी | উৎপাদন কৰোঁতা, জন্মদাত্ৰী/ that which produces, gives birth to. |
विलासिनी | বিলাসময়ী, যি লীলা কৰাত অভ্যস্ত/ sportive. |
कामधेनु | স্বৰ্গীয় গাভী বা গাইগৰু, যি সকলো কামনা পূৰণ কৰে/ a heavenly cow yielding all desires. |
स्त्राविणी | প্ৰবাহিনী, যি বৈ যায়/ that which flows. |
विभव | সম্পদ/ wealth. |
वेदान्त | বেদৰ সাৰ বা শেষভাগ, উপনিষদ/ consummation of Veda, Upanishads. |
स्त्रोतस्विनी | নিজৰা/ stream. |
सुरतरु | স্বৰ্গৰ গছ/ a tree of paradise. |
कामप्रदायिनी | যি কামনাৰ ফল দান কৰে/ who fulfills desires. |
परमपूत | অতি পবিত্ৰ/ highly purified. |
चरित | আচৰণ/ behaviour. |
चारिणी | যি অনুষ্ঠিত বা সম্পাদন কৰে/ one who performs. |
सुरभारती | দেৱভাষা, সংস্কৃত/ speech of gods, Sanskrit. |
प्रमुख | মুখ্য বা প্ৰধান/ foremost. |
পাঠভিক্তিক ব্যাকৰণ (Textual Grammar of Chapter 8 – Sanskrit classs 10)
प्रसविनी | प्र-√सू + अल् + णिनि (स्त्रीलिङ्गे प्रथमाविभत्त्के: एकवचने। |
भाव | √भू + घञ्। |
विभव | वि-√भू + अल्। |
विलासिनी | वि-√लस् + घञ् + इनि (स्त्रिलिङ्गे) प्रथमाविभत्त्के: एकवचने। |
कामधेनुरिव | कामधेनु: + इव। |
प्रसरतु | प्र-√सृ + लोट् तु। |
विजयते | वि-√जि + लट् ते। |
स्त्रोतस्विनी | स्त्रोतस् + विनि (स्त्रीलिङ्गे) प्रथमा विभत्त्के: एकवचने। |
सुरतरुरिव | सुरतरु: + इव। |
पूजित | √पूज् + त्त्क। |
पूत | √पू + त्त्क। |
অনুশীলনী (Exercise)
1. তলৰ দিয়াবিলাকৰ ভাৱ বহলাই লিখাঁ :
Elucidate the idea of the followings:
(क) कामधेनुरिव विभवस्त्राविणी।
(ख) सुरतरुरिव कामप्रदायिनी।
(ग) नानाज्ञानसुधास्वर्गतटिनी।
2. তলৰ শব্দবোৰৰ সহায়ত বাক্য ৰচনা কৰাঁ :
Frame sentences with the following words :
कामधेनु, विभव, प्रमुख, सुरभारती।
3. ব্যাসবাক্য লিখি তলৰ সমাসবোৰৰ নাম লিখাঁ :
Name and expound the following compounds:
कामधेनुः सुरतरुः प्रमुखपूजित, परमपूत।
4. কবিতাটিৰ সাৰাংশ লিখাঁ।
Write the substance of the poem.
5. তলৰ বাক্যবোৰ সংস্কৃতলৈ অনুবাদ কৰাঁ :
Translate into Sanskrit the following sentences :
(a) সাহসী মানুহে মৃত্যুলৈ ভয় নকৰে।
Brave men are not afraid of death.
(b) বলবান শত্ৰুৰ লগত বন্ধুত্ব আচৰণ কৰিবাঁ।
Make peace with powerful enemy.
(c) তেওঁ অগ্নিত আহুতি দিছে।
He is offering oblation to fire.
(d) আমি গছ কটা উচিত নহয়।
We should not cut down trees.
(e) তোমাৰ শিক্ষকক অশ্ৰদ্ধা নকৰিবাঁ৷
Do not disregard your teachers.
6. তলৰ অনুচ্ছেদটি পঢ়ি প্ৰশ্নসমূহৰ উত্তৰ দিয়াঁ :
Read the following passage and answer the questions :
अस्ति हस्तिनापुरे विलासो नाम रजकः। तस्य गदर्भोsतिवाहनाददुर्बलो मुमूर्षरिवाभवत्। ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यसमीपे शस्यक्षेत्रे नियुत्त्कः। ततो दूरात्तमवलोक्य व्याघ्रबुद्धया क्षेत्रपतयः सत्त्वरं पलायन्ते।
(क) रजकः कुत्र आसीत्?
(ख) रजकस्य नाम किमासीत्?
(ग) रजकस्य गदर्भः किंकारणात् मुमूर्षुः इव अभवत्?
(घ) व्याघ्रचर्मणा प्रच्छाद्य गदर्भः कुत्र नियुत्त्कः?
(ङ) कमवलोक्य क्षेत्रपतयः सत्वरं पलायन्ते?
অসমীয়াত টোকা – Notes for The Chapter 8 of Sanskrit Class 10 SEBA in Assamese and English
(क) ङ मुकुन्द माधव शर्मा : বিশিষ্ট ভাৰততত্ত্ববিদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য মহামহোপাধ্যায় অধ্যাপক ড°মুকুন্দ মাধৱ শৰ্মাদেৱে ইং ১৯৩8 চনৰ ১ মাৰ্চ তাৰিখে ডিব্ৰুগড় চহৰত জন্ম গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ তেখেতেই প্ৰতিষ্ঠাপক প্ৰবক্তা আছিল। তেখেতক ভাৰত চৰকাৰে ইণ্ডোনেচিয়াৰ বালীত থকা উদয়ন বিশ্ববিদ্যালয়ৰ ভ্ৰমণৰত অধ্যাপকৰূপে নিযুক্তি দি পঠিয়াইছিল। তেখেতে লাভ কৰা বিভিন্ন সন্মান আৰু বঁটাৰ ভিতৰত কেইটিমান উল্লেখযোগ্য হৈছে—ৰাষ্ট্ৰপতিৰ সন্মান পত্ৰ (১৯৮৮), আনন্দৰাম বৰুৱা ভাষা-সংস্কৃতি প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদত্ত পুৰস্কাৰ (২০০০) কৃষ্ণকান্ত সন্দিকৈ সাহিত্য পুৰস্কাৰ (২০০১) আৰু অসম সাহিত্য সভাৰ দ্বাৰা প্ৰদত্ত ‘সদস্য মহীয়ান’ উপাধি (২০০৭)। অধ্যাপক শৰ্মাই ৰচনা কৰা কেইখন উল্লেখনীয় গ্ৰন্থ হৈছে—व्यञ्जना प्रपञ्चसमीक्षा, Dhvani theory in Sanskrit Poetics, Inscriptions of Ancient Assam, সাহিত্য তত্ত্ব আৰু সমালোচনা, আনন্দৰাম বৰুৱা, सारस्वत
समीक्षण-समुच्चय:, ধ্বনি আৰু ৰসতত্ত্ব, উপমা কালিদাসস্য আৰু स्तुतिप्रशस्तिमञ्जरी।
ङ मुकुन्द माधव शर्मा : An eminent Indologist and formerly Vice Chancellor of Dibrugarh University, Mahamahopadhyaya Professor Mukunda Madhava Sharma was born in Dibrugarh on the 1st March, 1934. He was the founder lecturer of the Department of Sanskrit, Gauhati University. He was deputed by the Govt. of1ndia to serve as a visiting Professor in Udayana University at Bali in Indonesia. He is the recipient of President’s Certificate of Honour (1988), Anundoram Barooah Award of ABILAC (2000), K.K. Handiqui Literary Award (2001), Sadasya Mahiyan (2007) of Asom Sahitya Sabha etc. Some of the noteworthy books of Professor Sharma are : व्यञ्जनाप्रपञ्चसमीक्षा, Dhvani theory in Sanskrit Poetics, Inscriptions of Ancient Assam , साहित्य तत्त्व आरु समालोचना, आनन्दराम वरुवा सारस्वतसमीक्षण-समुच्चयः, ध्वनि आरु रसतत्त्व, उपमा कालिदासस्य and स्तुतिप्रशस्ति-मञ्जरी.
(ख) वेद : বেদ সৰ্বসন্মতভাৱে মানৱজাতিৰ প্ৰাচীনতম সাহিত্য। আমাৰ সকলো ধৰণৰ জ্ঞান তথা চিন্তাধাৰা, যেনে ধৰ্ম, কলা-সংস্কৃতি আৰু দৰ্শন আদিৰ উদ্ভৱ বেদতেই পৰিলক্ষিত হয়। বেদ চাৰিখন, সেয়া হৈছে—ऋगवेद, यजुर्वेद, सामवेद আৰু अथर्ववेद। প্ৰতিখন বেদেই আকৌ চাৰিটাকৈ ভাগত বিভক্ত, যেনে मन्त्र বা संहिता, ब्राह्मण, आरण्यक আৰু उपनिषद्। হিন্দুসকলৰ পৰম্পৰাগত বিশ্বাসমতে বেদসমূহ অপৌৰুষেয়, অৰ্থাৎ মানুহৰ সৃষ্টি নহয়, কিয়নো বেদসমূহ পৰমপুৰুষ ব্ৰহ্মই নিজে প্ৰকাশ কৰিছিল বুলি বিশ্বাস কৰা হয়।
वेद : The Veda, by common consent, is the earliest literary monument that humanity possesses. It is the presupposition of all currents of thoughts, religious, cultural and philosophical, which we find to-day. There are four Vedas-ऋगवेद, यजुर्वेद, सामवेद and अथर्ववेद. Each of the Vedas has four distinct parts-मन्त्र or संहिता, ब्राह्मण, आरण्यक and उपनिषद्. According to the orthodox faith of the Hindus, the Vedas are अपौरुषेय (not human compositions), being supposed to have been directly revealed by the Supreme Being, Brahman.
(ग) वेदान्त : বেদৰ শেষ অংশক বেদান্ত বোলে। অৰ্থাৎ উপনিষদসমূহেই বেদান্ত। ‘বেদান্ত’ ভাৰতীয় আস্তিক দৰ্শন মাৰ্গকইটাৰ ভিতৰত অন্যতম মাৰ্গৰূপে পৰিগণিত হয়।
वेदान्त : It means ‘ the end of the Veda’, i .e. उपनिषदऽ. It is one of the orthodox systems of lndi an philosophy.
(घ) भवभूति : সংস্কৃত সাহিত্যৰ বিশিষ্ট নাট্যকাৰ ভৱভূতিয়ে उत्तररामचरितम्, महावीरचरितम् আৰু मालतीमाधवम् নামে তিনিখন নাটক ৰচনা কৰে। বিদৰ্ভ ৰাজ্যত জন্মগ্ৰহণ কৰা ভৱভূতিয়ে কান্যকুব্জৰ নৃপতি যশোবৰ্মনৰ ৰাজ সভা অলঙ্কৃত কৰিছিল। পণ্ডিতসকলৰ মতে তেওঁ খৃষ্টীয় ৭ম শতিকাৰ শেষৰ ফালে বিকাশ লাভ কৰিছিল।
भवभूति : The well-known author of the dramas उत्तररामचरित, महावीरचरित and मालतीमाधव. He was a native of विदर्भ and lived at the court of king यशोवर्मन् of कान्यकुब्ज. According to scholars, he fluorished at the end of the 7th century A. D.
(ङ) वेदव्यास : মহাকাব্য মহাভাৰতৰ প্ৰণেতা। তেওঁক কৃষ্ণদ্বৈপায়ন বুলিও জনা যায়। পৌৰাণিক আখ্যান অনুসৰি তেওঁ মহামুনি পৰাশৰ আৰু সত্যৱতীৰ পুত্ৰ আছিল। পৰম্পৰা অনুসৰি ব্যাসে মহাভাৰত ৰচনা কৰোঁতে দেৱতা গণপতি তেওঁৰ সহায়ক আছিল (ব্যাসে কৈ গৈছিল, গণেশে লিখি গৈছিল)। ব্যাসক অষ্টাদশ মহাপুৰাণ, ব্ৰহ্মসূত্ৰ আৰু অনেক গ্ৰন্থৰ প্ৰণেতা বুলিও কোৱা হয়।
वेदव्यास : Author of the great epic महाभारत. He is also known as कृष्ण द्वैपायन. According to a legendary source he was the son of the great sage पराशर and सत्यवती. Tradition says while composing the महाभारत, god गणपति acted as his amenuensis. The eighteen पुराणऽ, the ब्रह्मसूत्र and several other works are also ascribed to him.
Good
👌👌👌👍👍👍👍