This is an essay on Lakshminath Bezbaruah in Assamese in more than 300 words. This Assamese essay of Lakshminath Bezbaruah is for Assamese medium students of class 7 to class 10. This essay will be very helpful to them since it is written in very easy language. ইয়াত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ওপৰত এখন সুন্দৰ ৰচনা দিয়া হৈছে। ৰচনাখন ৩০০ শব্দৰ ভীতৰত লিখা হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ এই ৰচনাখন দশম মান শ্ৰেণীৰ ছাত্ৰ-ছত্ৰীৰ কাৰণেও উপযোগী হ’ব।
Essay on Lakshminath Bezbaruah in Assamese – লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচনা
বেজবৰুৱা দেৱৰ ৰচনা খনত ব্যাখ্যা কৰা বিষয় সমূহ তলত থুৰতে দিয়া হৈছে। The subtopic of the essay on lakshminath bezbaruah in Assamese language are given below.
- আৰম্ভণি
- শিক্ষা-দীক্ষা
- ব্যৱহায় আৰু সাহিত্য চৰ্চা
- লক্ষ্মীনাথ বেজবৰুৱাৰ সংসাৰ
- মৃত্য
লক্ষ্মীনাথ বেজবৰুৰা – Lakshminath Bezbaruah
আৰম্ভণিঃ
জন্ম ১৮৬৮ খ্ৰীঃ, কোনোৰ মতে ১৮৬৪ খ্ৰীঃ ৰ কাতি মাহৰ লক্ষ্মীপূৰ্ণিমাৰ ৰাতি লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। দেউতাক দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাৱৰপৰা বদলি হৈ বৰপেটালৈ নাৱেৰে গৈ থাকৌতে নাৱৰ বুকুতে বেজবৰুৱাৰ _ ন্ম হৈছিল। ৰসিক লক্ষ্মীনাথে সেইবাবেই জীৱন সোঁৱৰণত ৰসিকতা কৰি কৈছিল যে .৩ওঁ ভূমিষ্ঠ নহৈ নৌকাষ্ঠহে হৈছিল। বেজবৰুৱাৰ মাকৰ নাম আছিল থানেশ্বৰী দেৱী।
শিক্ষা-দীক্ষাঃ
লক্ষ্মীনাথৰ স্কুলীয়া শিক্ষা গুৱাহাটীত আৰম্ভ হৈছিল। দেউতাকৰ লগত “অ’ত-ত’ত ঘূৰি ফুৰিব লগা হোৱাত স্কুলীয়া শিক্ষা শেষ কৰে শিৱসাগৰত ১৮৮৬ চনত _ শিবসাগৰ চৰকাৰী হাইস্কুলৰপৰা দ্বিতীয় বিভাগত এণ্ট্ৰেন্স (মেট্ৰিক) পৰীক্ষা পাছ কৰে। স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত বেজবৰুৱাই কলিকতাৰ চিটি কলেজৰপৰা বি.এ. পাছ কৰে আৰু কলিকতাতে আইন পঢ়িবলৈ লয়; কিন্তু আইন পৰীক্ষাত পাঠ্যক্ৰমৰ বাহিৰৰপৰা প্ৰশ্ন কৰাৰ বাবে পৰীক্ষাত নবহি সিমানতে শিক্ষা সাং কৰে।
Also Read: Essay on Lakshminath Bezbaruah in English
ব্যৱসায় আৰু সাহিত্য চৰ্চাঃ
শিক্ষা সাং কৰাৰ পিছত বেজবৰুৱাই প্ৰথমে অসমীয়া| ব্যৱসায়ী সাউদ ভোলানাথ বৰুৱাৰ লগত লগ লাগি কলিকতাত কাঠৰ ব্যৱসায় কৰি , লয়। কিন্তু পিছলৈ ভোলানাথ বৰুৱাৰ লগ এৰি উৰিষ্যাৰ সম্বলপুৰলৈ গৈ নিজাকৈ ব্যৱসায় আৰম্ভ কৰে।
কলেজীয়া দিনতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি আন কলকতীয়া প্ৰবসুৱা ছাত্ৰসকলক লৈ সাহিত্য চৰ্চা আৰম্ভ কৰে। ছাত্ৰসকলে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যোগে (অ.ভা.উ.সা. সভা) কৰা সাহিত্য চৰ্চাৰ ফলতে ১৮৯০ চনৰ মাৰ্চ মাহৰপৰা ‘জোনাকী’ কাকত ওলাবলৈ ধৰে। ইয়াৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আৰু বেজবৰুৱাই অসমীয়া সাহিত্যলৈ নতুন ভাবৰ প্ৰৱেশ ঘটাইছিল।
সম্বলপুৰৰ হাবিত সোমাই থাকিও বেজবৰুৱাই অসমীয়া সাহিত্যৰ যি ভঁৰাল তৈয়াৰ কৰি থৈ গৈছে সেই কথা ভাবিলে আচৰিত হ’ব লাগে। এজন ব্যৱসায়ী মানুহে নিজ কলম লৈ সাহিত্য সাধনা কৰিব পাৰে বুলি আজিৰ দিনত কোনেও ভাবিব নোৱাৰে। অসমীয়া সাহিত্যৰ এনে এটা বিভাগ নাই য’ত বেজবৰুৱাই হাত দিয়া নাই। গল্প বা সাধু, কবিতা, নাটক, জীৱনী, তত্বমূলক ৰচনা আৰু ধেমেলীয়া ৰচনা এই সকলোতে লক্ষ্মীনাথ বেজবৰুৱাই হাত দিছিল। কিন্তু বেজবৰুৱাৰ ৰসিক বা ধেমেলীয়া ভাবৰ কথাহে সকলোৰে ওপৰলৈ উঠিছিল। সেই কাৰণেই বেজবৰুৱা ৰসৰাজ, সাহিত্যৰথী।
কদমকলি (কবিতা), পৃদুম-কুঁৱৰী (উপন্যাস), জয়মতী (নাট), সুৰভী, জোনবিৰি, সাধুকথাৰ কুকি, চিকৰপতি-নিকৰপতি (সাধু-গল্প), শ্ৰীমত্ত শংকৰদেৱ আৰু মাধৱদেৱ (জীৱনীমূলক), কৃষ্ণকথা-তত্ত্বকথা (তত্বমূলক), কৃপাবৰ বৰুৱাৰ বুলনি, কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি, কাকতৰ টোপোলা, লিটিকাই (ধেমেলীয়া ৰচনা) আদি বেজবৰুৱাৰ ৰচিতগ্ৰন্থ।
লক্ষ্মীনাথ বেজবৰুৱাৰ সংসাৰঃ
বেজবৰুৱাৰ সংসাৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেউতাক মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞাসুন্দৰী দেৱীক বেজবৰুৱাই বিয়া কৰাইছিল। বঙালী ছোৱালী হ’লেও প্ৰজ্ঞাসুন্দৰীয়ে অসমীয়া সাজহে পিন্ধিছিল। বেজবৰুৱাৰ তিনিজনী কন্যা সুৰভি, অৰুণা আৰু ৰত্না। সুৰভিৰ অকালতে মৃত্যু ঘটাত বেজবৰুৱাই অস্তৰত যি আঘাত পাইছিল তাক জীৱন্ত কৰি ৰাখিছে ‘সুৰভি’ নামৰ গ্ৰন্থৰে । অৰুণা মুখাৰ্জীৰ কলিকতাত আৰ ৰত্না বৰুৱাৰ ডিব্ৰুগড়ত বিয়া হয়।
লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুঃ
১৯৬৮ খ্ৰীঃত সাহিত্যুৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিয়োগ ঘটে। অসমীয়া সমাজ আৰু অসমীয়া সাহিত্যই বেজবৰুষাক কেতিয়াও পাহৰিব নোৱাৰে।