ভাব বহলাই লিখা | Bhab Bahalai Likha | Assamese Proverbs

ইয়াত কিছুমান অসমীয়া সাধু বাক্যৰ ভাব প্ৰসাৰণ দিয়া হৈছে। এই বাক্য বোৰক সুন্দৰকৈ ছাত্ৰ-ছাত্ৰী সকলে বুজি পুৱাকৈ ভাব বহলাই লিখা হৈছে। এই সাধু বাক্য বিলাক অসমীয়া পাঠ্য-পুথিত প্ৰশ্ৰৰ আকাৰত দিয়া আছে। ইয়াৰে কিছুমান বাক্য অসম জাতীয় বিদ্যালয়ৰ সপ্তম মান শ্ৰেণীত ভাব বহলাই লিখিবলৈ প্ৰশ্ন আকাৰত দিয়া আছে। In this, you will get the brief explanation of some of most common Assamese proverbs. This is called “Bhab Bahalai Likha” in Assamese. These Assamese proverbs are included in most of Assamese textbook of class 5, class 6 and class 7. Some of these Assamese proverbs are also included in Assamese textbook of Assam Jatiya Vidyalaya textbook of Class 7. So, basically you will get the Answers to the some questions of Class 7 Assamese Textbook of Jatiya Vidyalaya.

অসমীয়া সাধু বাক্যৰ ভাব প্ৰসাৰণ - ভাব বহলাই লিখা - Bhab Bahalai Likha - Phrases in Assamese

অসমীয়া সাধু বাক্যৰ ভাব প্ৰসাৰণ – ভাব বহলাই লিখা – Bhab Bahalai Likha

ইয়াত ৯টা সাধু বাক্যৰ ভাব প্ৰসাৰণ দিয়া হৈছে। ইয়াত কি কি বাক্যৰ ভাব বহলাই লিখা আছে তলত তালিকাখন দিয়া হৈছে। The list of Assamese Proverbs which explanation are given in listed below.

  • যি লাই বাঢ়ে তাৰ দুপাততে চিন।
  • চোৰেহে চোৰৰ ঠেং দেখে
  • আঁঠুৱা চাই ঠেং মেলা। বা আয় চাই ব্যয় কৰা।
  • অচিন কাঠৰ থোৰাকো নলগাবা।
  • আইৰো বাতা গংগাৰো যাত্ৰা। বা বুঢ়ীৰ দুই কাম, ঢেঁকী দিয়ে, চোহে আম। বা এক গুলীত দুই চিকাৰ।
  • অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।
  • য’তে বাঘৰ ভয় ত’তে ৰাতি হয়।
  • হৰিণাৰ মাংসই বৈৰী
  • জাকে মোউখে) উটিলে গুৰিপৰুৱাৰো মৰণ নাই।

(১) “যি লাই বাঢ়ে তাৰ দুপাততে চিন।” – ভাব প্ৰসাৰণ

লাই শাকৰ দুপতীয়া পুলি হওঁতেই শাকডৰা কেনে হ’ব তাক বুজিব পাৰি। পুলিবোৰ তেজাল, লহপইীয়া হ’লে শাকডৰা ভাল হ’ব। প্ৰবচনটিত লাই শাকক এটা পটন্তৰ হিচাপেহে লোবা হৈছে। ইয়াত লাই শাকৰ দুপতীয়া পুলিটো সকলো বস্তুৰে চালুকীয়া বা সৰু অৱস্থাৰ প্ৰতিনিধিস্বৰূপ। বিশেষকৈ মানুহৰ ক্ষেত্ৰত এই নিৰ্দেশ কৰা হৈছে। এটি শিশু দেখিলে সেই শিশুৰ ভৱিয্যতৰ কথা উপলব্ধি কৰিব পাৰি। শিশু এটিৰ শাৰীৰিক গঢ়-গতি আৰু তাৰ আচৰণ দেখি তাৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত পাব পাৰি।

সেইদৰে কোনো ঘটনা বা পৰিস্থিতিৰ আৰম্ভণি চাই তাৰ পৰিণতি উপলব্ধি কৰিব পাৰি। ৰাতিপুৱাৰ উদিত সূৰ্যটোলৈ চাই দিনটো কেনেকৈ অতিবাহিত হ’ব তাক বুজিব পাৰি।

(২) “চোৰেহে চোৰৰ ঠেং দেখে” – ভাব বহলাই লিখা ।

চোৰ সমাজৰ অনিষ্টকাৰী ব্যক্তি। চোৰৰ অনিষ্টৰপৰা হাত সাৰিবৰ বাবে মানুহে চোৰক ধৰা পেলাবলৈ যত্ন কৰে। কিন্তু সাধাৰণ মানুহৰ মাজতে থকা চোৰজনক মানুহে চিনিব নোৱাৰে।পিছে এজন চোৰে আনজন চোৰক চিনি উলিয়ার পাৰে। আনে তৰকিব নোৱৰাকৈ চোৰে চোৰক চিনি পোৱা অৱস্থাটোকে চোৰে চোৰৰ ঠেং দেখা বুলি কোৱা হয়। চোৰৰ দৰে সমাজত থকা আন আন দুষ্ট বা অনিষ্টকাৰী লোকসকলেও নিজৰ স্বভাৱৰ লগত মিল থকাসকলক বিচাৰি ল’ব পাৰে বা চিনিব পাৰে।

(৩) “আঁঠুৱা চাই ঠেং মেলা।” “আয় চাই ব্যয় কৰা।”

ৰাতি শোৱাৰ সময়ত মহৰ কামোৰৰ পৰা ৰক্ষা পাবৰ বাবে আমি আঁঠুৱা ব্যৱহাৰ কৰোঁ। কিন্তু আঁঠুৱাৰ তলত শোওঁতে সাৱধান হ’ব লাগিব। কেতিয়াবা আঁঠুৱাখন মানুহজনৰ উচ্চতাতকৈ চুটি হ’ব পাৰে। তেনে ক্ষেত্ৰত আঁঠুৱাৰ দীঘৰ প্ৰতি সচেতন হৈ ভৰি মেলিব লাগিব। সম্পূৰ্ণ ভৰি মেলি শুলে আঁঠুবা ফাটিব পাৰে। তেতিয়া মহে কামুৰিব অৰ্থাৎ এটা অসুবিধা বা অশাস্তিৰ সৃষ্টি হ’ব। তেনে অশাস্তি-অসুবিধা নহ’বৰ বাবে সচেতন হ’ব লাগিব।

আয় চাই ব্যয় কৰা কথায়ো সেই একে অৰ্থকে প্ৰকাশ কৰিছে। হাতত থকা ধনৰ পৰিমাণ চাই সচেতন হৈ খৰচ নকৰিলে অসুবিধাত পৰিব লাগে। গতিকে সম্ভাব্য অসুবিধাৰ পৰা ৰক্ষা পাবৰ বাবে সচেতন হৈ চলা উচিত।

(৪) “অচিন কাঠৰ থোৰাকো নলগাবা।”

কাঠ মানুহৰ এবিধ প্ৰয়োজনীয় বস্তু। লাগতিয়াল বহু সা-সঁজুলি , ঘৰ-দুৱাৰ কাঠেৰে সজাই লয়। ধানৰপৰা চাউল উলিয়াবৰ বাবে অসমীয়া মানুহে ঢেঁকী সাজি লয়। থোৰা ঢেঁকীৰ এটা প্ৰয়োজনীয়, কিন্তু সৰু অংশ৷ এই সৰু অংশ হিচাপে ব্যৱহাৰ কৰা থোৰাটোকো মানুহে নিচিনা-নজনা কাঠেৰে নাসাজে।

এই প্ৰবচনৰ দ্বাৰা এক গভীৰ অৰ্থ প্ৰকাশ কৰা হৈছে। আঁতি-গুৰি নজনা বস্তু, মানুহ, কথা আদিক বিশ্বাস নকৰিবলৈ এই সাধু বাক্যটিৰদ্বাৰা মানুহক সাৱধান কৰি দিয়া হৈছে বা কোনো অশুভ পৰিস্থিতিৰ বাবে সকীয়াই দিয়া হৈছে। আমি যিজন মানুহক ভালকৈ চিনি নাপাওঁ তেওঁক ততালিকে বিশ্বাসত ল’ব নালাগে। যত্ন কৰাৰ বাবে সচেতন কৰি দিবলৈ এই প্ৰবচনটিৰ উদ্ধৃতি দিয়া হয়।

(৫) “আইৰো বাতা গংগাৰো যাত্ৰা।” “এক বুঢ়ীৰ দুই কাম, ঢেঁকী দিয়ে, চোহে আম।” “এক গুলীত দুই চিকাৰ।”

দূৰণিত থকা মাকৰ খবৰ কৰিবলৈ যোৱাৰ সুযোগতে পৱিত্ৰ গংগা দৰ্শন বা গংগা স্নানৰ সুবিধা গ্ৰহণ কৰোঁতে এটা ভ্ৰমণতে দুটা উদ্দেশ্য সাধন হৈছে। সেইদৰে ঢেঁকী দি থাকৌতে আম চোহা কথায়ো একে সময়তে দুটা কাম কৰাৰ কথা বুজাইছে। এটা গুলী মাৰি দুটা প্ৰাণী চিকাৰ কৰায়ো একে অৰ্থকে প্ৰকাশ কৰিছে। এইদৰে একেটা যত্ন বা খাটনিত দুটা বা ততোধিক কাৰ্য সাধন কৰা বুজাবলৈ এই প্ৰবচনকেইটা ব্যৱহাৰ কৰা হয়।

ইয়াৰদ্বাৰা সুযোগ গ্ৰহণ কৰা চতুৰালি প্ৰকাশ কৰাৰ লগতে কৃপণালিৰ ভাবো প্ৰকাশ পাইছে। আমাৰ সমাজত থকা সুযোগ-সন্ধানী শ্ৰেণীৰ মানুহক বুজাবৰ বাবে এই প্ৰবচনকেইটিৰ উদ্ধৃতি দিয়া হয়।.

(৬) “অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।” – ভাব বহলাই লিখা

যিকোনো কামত পুতা বা পাৰ্গতালি লাভ কৰাৰ বাবে আখৰা বা অভ্যাসৰ প্ৰয়োজন । অভ্যাস কৰিলে অতি কঠিন কামো আয়াসতে কৰাৰ কৌশল আয়ত্ত কৰিব পাৰি। কাণৰ পথ বা বিন্ধ৷ অতি সংকীৰ্ণ বা সৰু। সেই সৰু এটা বিন্ধাৰে শৰ বা কীড় মাৰি পঠোৱা সম্ভৱ নহয়। কিন্তু অভ্যাসৰ বলত কাণৰ বিন্ধাৰে শৰ মাৰিব পৰা হোবা কথাৰে অভ্যাসৰ বল কঠিন কাম কৰিব পৰা অৰ্থকে বুজোৱা হৈছে।

ইয়াৰদ্বাৰা আমি শিকিব পাৰোঁ যে কোনে| কাম কঠিন বা জটিল বুলি মন দুৰ্বল নকৰি বাৰৈ বাৰে অভ্যাস বা অনুশীলন কৰিলে কঠিন কামটোও সহজসাধ্য হৈ পৰে।

(৭) “য’তে বাঘৰ ভয় ত’তে ৰাতি হয়।”  

পুৰণি কালত আজিকালিৰ দৰে যাতায়াতৰ সুচলৰ বাবে বিবিধ যান-বাহন নাছিল। সেই কালত অতি বেছি ঘোঁৰাত,উঠি মানুহে দূৰৰ ঠাইলৈ যাতায়াত কৰিছিল। অধিক সময়ত খোজকাঢ়িয়েই মানুহে এঠাইৰপৰা আন ঠাইলৈ যাতায়াত কৰিছিল। এনে যাতায়াতৰ ক্ষেত্ৰত অতিক্ৰম কৰিব লগা পথত ভয় কৰিব লগা কোনো ঠাই বা হিংস্ৰ জন্তু থকা হাবিতলীয়া ঠাই থাকিলে, ৰাতি হোৱাৰ আগে আগে সেই ঠাই অতিক্ৰম কৰাৰ বাবে হাটৰুৱা-বাটৰুৱা সকলোৱে যত্ন কৰিছিল। কিন্তু দুৰ্ভাগ্যই লগ দিলে বাঘ বা হিংস্ৰ জন্তুৰ ভয় থকা ঠাইতেই ৰাতি হয়।

ইয়াৰ দ্বাৰা যি বিপদ এৰাই চলাৰ যত্ন কৰা হয়, সেই বিপদতে পৰাৰ কথা বুজাবলৈ যত্ন কৰা হৈছে।

(৮) “হৰিণাৰ মাংসই বৈৰী!”

হৰিণ বৰ নিৰ্জু, নিৰপৰাধী আৰু অঁজলা জন্তু। ইয়াৰ অইন কোনো বৈৰী বা শত্ৰুনাই। তথাপি হৰিণ শত্ৰুমুক্ত বা ভয়মুক্ত নহয়। কাৰণ হৰিণৰ কোমল মাংসৰ বাবে চিকাৰীয়ে হৰিণ বধ কৰিবলৈ ছেগ চাই থাকে। নিজে অতি নিৰ্জু স্বভাৱৰ প্ৰাণী হৈয়ো নিজৰ মাংসৰ বাবেই হৰিণ সদায় বিপদগ্ৰস্ত হয়। সেইবাবে নিজৰ মাংসই হৰিণৰ শকত্ৰস্বৰূপ। হৰিণৰ মাংস কোমল সোৱাদযুক্ত নোহোৱা হ’লে চিকাৰীয়ে হৰিণ বধ নকৰিলেহেঁতেন ৷

সেইদৰে কোনো মাংসভোজী জন্তুৱেও হৰিণক আক্ৰমণ নকৰিলেহেঁতেন। কেতিয়াবা হৰিণৰ দৰে নিজৰ সজ গুণৰ বাবে মানুহো বিপদত পৰিব লগা হয়। সেই কথা বুজাবৰ বাবেই এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়।

(৯) “জাকে মোউখে) উটিলে গুৰিপৰুৱাৰো মৰণ নাই।”

জাক বা কামৰূপী ভাষাৰ ‘মাউখ’ শব্দই বহুতক বুজায়। এটা এটা হৈ থাকিলে গুৰিপৰুৱাবোৰৰ একো শক্তি নাথাকে। পানীৰ সোঁতক ৰোধিব বা বাধা দিব পৰা শক্তি এটা গুৰিপৰুৱাৰ নাই। কিন্তু এই গুৰিপৰুৱাবোৰে পানীৰ কোবাল সোঁততো ৰক্ষা পৰিবৰ বাবে জাক বা মখা বান্ধি লয়।

ইটো পৰুৱাৰ লগত সিটো মিলি এটা লাৰু বা চপৰাৰ দৰে হৈ গুৰিপৰুৱাবোৰ পানীৰ সোঁতত উটি যায়। কিন্তু এটি পৰুৱাও নমৰে। গুৰিপৰুৱাৰ এই কথাৰদ্বাৰা একতাৰ বলৰ কথা বুজোৱা হৈছে। একতাৰ বলেৰে বিপদকো ৰুধিব পাৰি। গতিকে মানুহেও গুৰিপৰুৱাৰ উদাহৰণ লৈ কোনো সমস্যা সমাধান্ৰ বাবে দলবন্ধ বা একত্ৰিতভাৱে যত্ন কৰা উচিত।

2 thoughts on “ভাব বহলাই লিখা | Bhab Bahalai Likha | Assamese Proverbs”

  1. mok assames are ভাব বহলাই লিখা অধিক মাছত বগলী কনা অতি ভক্তি চোৰৰ লক্ষন বতৰ চাই কঠিয়া পেলোৱা mok laga da ba kon hoy ba

Leave a Reply

Your email address will not be published.