It is very important to test your preparation. One of the best methods to do so is by giving the mock test. This is a free mock test for Assam TET (ATET) for the Assamese Subject. You will be able to test your preparation for the upcoming Assam TET examination for the Assamese subject through this free mock test.
ইয়াত Assam TETৰ বাবে অসমীয়া সাম্ভাৱ্য প্ৰশ্ন কিছুমান দিয়া হৈছে। আপোনালোকে এই Mock Testটো দি নিজকে পৰিক্ষা কৰক।

অসমীয়া সাম্ভাৱ্য প্ৰশ্নোত্তৰ – Assam TET Mock Test For Assamese
This mock test for Assam TET consists of 10 questions that are based on Assamese Grammar. You will also find the explanation and notes regarding each question that is in this mock test. তলত প্ৰশ্ন বিলাকৰ লগত জৰিত টোকা দিয়া হৈছে।
Assam TETৰ কাৰণে অসমীয়া ব্যাকৰণৰ সম্ভাৱ্য প্ৰশ্নোত্তৰ – Assamese Grammar For Assam TET
প্ৰশ্ন ১: তলৰ কোনটো প্ৰাকৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছিল ?
- (ক) মাগধী
- (খ) মহাৰাষ্ট্ৰী
- (গ) শৌৰসেনী
- (ঘ) ওপৰৰ আটাইকেইটা
টোকাঃ
- প্ৰাচীন ভাৰতীয় আৰ্যভাষা : বৈদিক আৰু সংস্কৃত ভাষা ।
- ইয়াৰ পৰাই বিভিন্ন প্ৰাকৃতিৰ জন্ম হৈছিল ।
- বাংলা আৰু উড়ীয়া ভাষাৰ উৎস : মাগধী ।
প্ৰশ্ন ২: তলত দিয়া কোনটো অসমীয়া ভাষাৰ মাতৃলিপি হয়?
- (ক) ব্ৰাক্ষ্মী
- (খ) গুপ্তলিপি
- (গ) কামৰূপীয়া
- (ঘ) ওপৰৰ আটাইকেইটা
টোকাঃ মাতৃলিপি – প্ৰট’-চাইনায়াটিক (ইং), ফিনীচিয়ান (ইং), আৰ্মেনিক (ইং), ব্ৰাক্ষ্মী (ইং), গুপ্তলিপি (ইং), সিদ্ধমাতৃকা (ইং), কামৰূপীয়া, অসমীয়া সকলোবিলাক অসমীয়া ভাষাৰ মাতৃলিপি ।
প্ৰশ্ন ৩: অসমীয়া ভাষাত মুঠ কিমানটা বৰ্ণ আছে ?
- (ক) ১১ টা
- (খ) ৫৪ টা
- (গ) ৪১ টা
- (ঘ) ৫২ টা
টোকাঃ
উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণমালাক দুটা ভাগত ভাগ কৰা হৈছে: স্বৰবৰ্ণ আৰু ব্যঞ্জণ বৰ্ণ ।
- স্বৰবৰ্ণ: যিবোৰ বৰ্ণ উচ্চৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে । বৰ্তমান অসমীয়া ভাষাত প্ৰচলীত স্বৰবৰ্ণ ১১টা ।
- ব্যঞ্জনবৰ্ণ: যিবোৰ বৰ্ণ উচ্চৰণ কৰোঁতে বায়ু প্ৰৱাহ মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হৈ উচ্চৰিত হয় সেইবোৰক ব্যঞ্জণ বৰ্ণ বোলে। অসমীয়া ভাষাত ব্যঞ্জণ বৰ্ণ ৪১ টা ।
প্ৰশ্ন ৪: তলত দিয়া কোনটো এটা হ্ৰস্বস্বৰ নহয়?
- (ক) অ
- (খ) ঈ
- (গ) ই
- (ঘ) উ
প্ৰশ্ন ৫: ‘স’ বৰ্ণটো এটা –
- (ক) উষ্মবৰ্ণ
- (খ) অল্পপ্ৰাণ বৰ্ণ
- (গ) মহাপ্ৰাণ বৰ্ণ
- (ঘ) শ্বাসবৰ্ণ
টোকাঃ উচ্চৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জণ বৰ্ণক তিনিটা ভাগত ভাগ কৰা হৈছে ।
- স্পৰ্শ বৰ্ণ
- উষ্ম বৰ্ণ আৰু
- অন্ত বৰ্ণ
১) স্পৰ্শ বৰ্ণ:
ক – ৰপৰা ম-লৈ এই পঁচিশটা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখ্ৰ একো একো অংশত স্পৰ্শ কৰে, সেইবাবে এই পঁচিশটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। স্পৰ্শ বৰ্ণক পাঁচটা বৰ্ণৰে একোটা ভাগত ভাগ কৰি প্ৰতিটো বৰ্জ্ঞৰ আৰম্ভণি আখৰ্টো নাম দিয়া হৈছে। সেয়ে স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণও বোলা হয় ।
- ক বৰ্গ – ক খ গ ঘ ঙ
- চ বৰ্গ – চ ছ জ ঝ ঞ
- ট বৰ্গ – ট ঠ ড ঢ ণ
- ত বৰ্গ – ত থ দ ধ ন
- প বৰ্গ – প ফ ব ভ ম
এই বৰ্গীয় বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে ।
অল্পপ্ৰাণ বৰ্ণ: বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চৰণৰ সময়ত বায়ু প্ৰৱাহত জোৰ নপৰে, ফলত উচ্চৰণ কোম হয়। সেয়ে ইহঁতক অল্পপ্ৰাণ বোলা হয় ।
- প্ৰথম – ক চ ট ত প
- তৃতীয় – গ জ ড দ ব
- পঞ্চম – ঙ ঞ ণ ন ম
মহাপ্ৰাণ বৰ্ণ: প্ৰত্যেক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ন দুটা উচ্চৰণৰ সময়ত বায়ু প্ৰৱাহ অধিক আৰু প্ৰৱল হয়। ইহঁতৰ উচ্চৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ বৰ্ণ বোলা হয়।
- দ্বিতীয় – খ ছ ঠ থ ফ
- চতুৰ্থ – ঘ ঝ ঢ ধ ভ
২) উষ্ম বৰ্ণ:
শ ষ স আৰু হ এই চাৰিটা বৰ্ণৰ ধ্বনি উচ্চৰণ হওঁতে মুখৰ বায়ু তপত হয় বাবে ইহঁতক উষ্ম বৰ্ণ বোলা হয়।
৩) অন্ত বৰ্ণ:
য ৰ ল ৱ এই চাৰিটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকা বাবে ইহঁতক অন্ত বৰ্ণ বা অন্তঃস্থ বৰ্ণ বোলে ।
শ্বাস বৰ্ণ বা অঘোষবৰ্ণ: প্ৰতি বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণ উচ্চৰণ কৰোঁতে স্বৰতন্ত্ৰীঅ কঁপি নুঠে। সেয়েহে, ইহঁতক শ্বাসবৰ্ণ বা অঘোষবৰ্ণ বোলে।
উদাহৰণ: ক, খ, চ, ছ, ট, ঠ, ত, থ, প, ফ, ।
নাদ বা ঘোষ বৰ্ণ: প্ৰতি বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে। সেয়েহে, ইহঁতক নাদবৰ্ণ বা ঘোষবৰ্ণ বোলে ।
উদাহৰণ: গ, ঘ, ঙ, জ, ঝ, ঞ, ড, ঢ, ণ, ড, ধ, ন, ব, ভ, ম।
প্ৰশ্ন ৬: তলত দিয়া কোনটো অঘোষবৰ্ণৰ গোট নহয় ?
- (ক) চ, ট, ফ
- (খ) ক, ঠ, প
- (গ) গ, ন, ম
- (ঘ) ত, থ, প
প্ৰশ্ন ৭: তলৰ কোনটো প্ৰকাৰৰ বৰ্ণসমূহ উচ্চাৰণ কৰোতে স্বৰতন্ত্ৰী কঁপি উঠে ?
- (ক) ঘোষবৰ্ণ ।
- (খ) অঘোষবৰ্ণ ।
- (গ) উষ্মবৰ্ণ ।
- (ঘ) অন্তঃস্থবৰ্ণ ।
প্ৰশ্ন ৮: “দ” – টো এটা –
- (ক) ঘোষবৰ্ণ ।
- (খ) মহাপ্ৰাণবৰ্ণ ।
- (গ) অল্পপ্ৰাণবৰ্ণ ।
- (ঘ) (ক) আৰু (গ) দুয়োটাই ।
প্ৰ্শ্ন ৯: চ – বৰ্গৰ চতুৰ্থ আৰু পঞ্চম দুয়োটা বৰ্ণ তলৰ কোনটো প্ৰকাৰৰ অন্তগৰ্ত ?
- (ক) মহাপ্ৰাণবৰ্ণ ।
- (খ) অল্পপ্ৰাণবৰ্ণ ।
- (গ) শ্বাসবৰ্ণ ।
- (ঘ) নাদবৰ্ণ ।
প্ৰশ্ন ১০: “প” – টো এটা
- (ক) ওষ্ঠ্যবৰ্ণ ।
- (খ) অযোগবাহবৰ্ণ ।
- (গ) কণ্ঠ্যবৰ্ণ ।
- (ঘ) তালব্যবৰ্ণ ।
Assam TET অসমীয়া সাম্ভাৱ্য প্ৰশ্নোত্তৰ PDF
অসমীয়া-১The imformation provided above are believed to be true. But somehow due to human error there might be some mistakes. Please Let us know if you find any mistakes in the above Assamese Mock Test for Assam TET.