In this post, you will get an English translation of more than 100 Assamese words. These English to Assamese translation examples will be very helpful for SEBA students for their HSLC examination. ইয়াত অসমীয়া পৰা ইংৰাজী ভাষালৈ কিছুমান বাক্যৰ উদাহৰণ দিয়া হৈছে। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ উদাহৰণ বিলাক দিয়া হৈছে।

200+ Assamese to English Translation Examples | অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ
In this post, you will get more than 200+ Sentences of Assamese to English Translation. Few common Assamese sentences are taken and the English translation of these sentences is given. Since in SEBA HSLC class 10 examination, Assamese to English translation questions are common so this post will be very helpful to SEBA class HSLC final examination.
অসমীয়া বাক্য ইংৰাজীলৈ অনুবাদ কৰাৰ আগতে আমি প্ৰথমতে অনুবাদ বুলিলে আমি কি বুজোঁ জানো আহা।
অনুবাদ বুলিলে আমি কি বুজোঁ?
অনুবাদ কৰিবলগীয়া কথাখিনি যিমানদূৰ সম্ভৱ অৰ্থৰ সলনি নকৰাকৈ আনটো ভাষাত প্রকাশ কৰাটোৱেই হৈছে অনুবাদ।
এটা অসমীয়া বাক্য ইংৰাজীলৈ অনুবাদ কৰা মানে বাক্যত থকা শব্দকেইটাৰ ইংৰাজী প্ৰতিশব্দ দিয়াটো নুবুজায়; বাক্যত থকা অৰ্থটো উপযুক্ত ইংৰাজী বাক্যৰে প্রকাশ কৰাটোহে বুজায়।
অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদৰ উদাহৰণ | Translation For SEBA Class 10
A few examples of Assamese to English translation are given below. These sentences are constructed as a story or conversation.
- যোৱা মাহত মই গুৱাহাটীলৈ গৈছিলোঁ। – I Went to Guwahati last month.
- তাত মোৰ মা-দেউতা আছে । – My parents live there.
- তেওঁলোক তাত জন্মৰপৰাই আছে। – They have been living there since their birth.
- মোৰ ভাইটি যোৱা তিনিবছৰ গুৱাহাটী যোৱা নাই। – My younger brother has not been to Guwahati for the last three years.
- মই ঘৰ পাওঁতে দেউতাই বাগিচাত কাম কৰি আছিল। – When I reached home father was working in the garden.
- তেওঁ হাঁহি মাৰি মোক ক’লে, “তই অকলে আহিলি নেকি?” – He asked me with a smile, “Have you come alone?”
- মই ক’লো, “ল’ৰা-ছোৱালীকেইটাৰ গা ভাল নহয়।” – I said, “The children are not well.”
- মোৰ মাত শুনি মা ৰান্ধনিঘৰৰ পৰা দৌৰি ওলাই আহিল। – Having heard my voice mother rushed out of the kitchen.
- তেওঁ দুঃখ মনেৰে সুধিলে, “সিহঁতৰ অসুখ কেতিয়াৰপৰা?” – “Since when have they been ill?” She asked sadly.
- এবাৰ আমাৰ গাঁৱত এটা বাঘ ওলাইছিল। – Once there appeared a tiger in our village.
- মই নিজে বাঘটো দেখা নাছিলোঁ। – I did see the tiger myself.
- কিন্তু দেখা মানুহবিলাকে কৈছিল যে ই প্রায় দুই ফুট ওখ আছিল। – Those who saw it said that it was about two feet tall.
- মই অৱশ্যে বাঘ ছবিতহে দেখিছোঁ । – I have, of course, seen a tiger only in pictures.
- দুই ফুট ওখ বাঘ এটা দেখাত কেনেকুৱা হ’ব ঠিক ক’ব নোৱাৰো। – I can’t exactly say what a two feet tall tiger will look like.
- কিন্তু তাক দেখিলেই মোৰ ভয় লাগিব। – But I shall be frightened at its sight. (or when I see it)
- গুৱাহাটীৰ চিৰিয়াখানা মই এতিয়াও দেখা নাই। – I have not yet seen the Zoo at Guwahati.
- কেতিয়াবা মই তালৈ যাম। – Someday I shall go there.
- মোৰ বন্ধু ৰমেনে কৈছে যে তাত নানান ধৰণৰ জন্তু আৰু চৰাই আছে । – Ramen, my friend has told me that there are various kinds of animals and birds there. Or Ramen has told me that there are various kinds of animals and birds there.
- অঞ্জনা তিনি বছৰ বয়সৰপৰা কলিকতাত আছে। – Anjana has been in Kolkata since she was three years old.
- তাইৰ দেউতাক ১৯৭০ চনত কলিকতালৈ বদলি হৈছিল। – Her father was transferred to Kolkata in 1970.
- গুৱাহাটী অতি জনবহুল চহৰ। – Guwahati is a very populated city.
- তাত খোজকাঢ়ি ফুৰা বা চাইকেল চলোৱা টান। – It is very difficult to walk or ride a bicycle there.
- তাই গাড়ীৰে স্কুললৈ যায়। – She goes to school by car.
- এদিন মই তাইক সুধিলোঁ, “তুমি গাড়ী চলাব পাৰানে?” – One day I asked her, “Can you drive a car?”
- তাই ক’লে যে তাই স্কুটাৰো চলাব জানে। – She said that she could even drive a scooter.
- মই তাইক সুধিলো, “তুমি ইমান ভালকৈ ইংৰাজী ক’বলৈ কেনেকৈ শিকিলা?” – I asked her, “How have you learned to speak English well?”
- তাই প্রশ্ন কৰিলে, “সঁচাকৈয়ে মই ভাল ইংৰাজী কওঁনে?” – She asked, “Do I really speak English well?”
- মই ক’লো, “অকল ইংৰাজী নহয়, হিন্দীও তুমি ভালকৈ ক’ব পাৰা?” – “You speak well not only English but also Hindi.”
- তেওঁ মিচিকিয়াই ক’লে, “কিন্তু অসমীয়া মই বেছি ভালকৈ ক’ব পাৰোঁ ।“ – “But I can speak Assamese better,” she said smilingly.
- মই চিনেমা চাই উভতি অহাৰ সময়ত গীতাক লগ পাইছিলোঁ ৷ – I met Gita when I was coming back from the cinema.
- তাইক বৰ ক্লান্ত যেন দেখা গৈছিল। – She looked tired.
- মই তাইক সুধিলোঁ, “গীতা, ক’লৈ যোৱা”? – “Where are you going, Gita?” I asked her.
- তাই ক’লে, “ডাক্টৰৰ ওচৰলৈ ।” – “To a doctor”, she replied.
- তাৰ পাছত তাই লৰালৰিকৈ গুচি গ’ল। – Then she went away in hurry.
- মই ক্ষন্তেকৰ বাবে ৰলোঁ আৰু তাইৰ পিনে উভতি চালোঁ। – I stopped for a while and looked back at her.
- পিছদিনা ৰাতিপুৱা মই সিহঁতৰ ঘৰলৈ গলোঁ।” – The next morning, I went to their house.
- তাইৰ/তাৰ দেউতাকৰ অসুখ হৈছিল। – Her/His father was ill.
- মই তেওঁলোকৰ ঘৰ পোৱাৰ সময়ত তেখেত বিছনাত পৰি আছিল। – When I reached their house, he was lying in bed.
- দেউতাক আৰু গীতাৰ বাহিৰে ঘৰত আন কোনো নাছিল। – There was no one else in their house except Gita and her father.
- সৰুতেই তাইৰ/তাৰ মাক ঢুকাইছে। – Her/his mother died when she was a child.
- যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলোঁ। – Last year I went to Shillong during the summer holidays.
- মই তাত এসপ্তাহ আছিলোঁ। – I was there for a week.
- শ্বিলঙৰ জলবায়ু বৰ সুন্দৰ। – The climate of Shillong is very good.
- গুৱাহাটীতকৈ ই বহুত ঠাণ্ডা। – It is much colder than that off Guwahati.
- গ্ৰীষ্মকালত তাত খুব বৰষুণ হয়। – It rains there heavily during the summer season.
- এদিনাখন আমি ৰাতিপুৱাতেই গুৱাহাটীলৈ যাবলৈ ওলাইছিলো। – One day we got ready to go to Guwahati in the morning.
- কিন্তু যাত্ৰা কৰাৰ আগতেই বৰষুণ দিবলৈ ধৰিলে। – But it had started raining even before we set out.
- গোটেই দিনটো বৰষুণ দিছিল। – It was raining the whole day.
- আমি সিদিনা ঘৰৰপৰা ওলাব নোৱাৰিলোঁ। – We could not move out of our house that day.
- শ্বিলঙত থাকি বৰ ভাল লাগে। – It is very pleasant to live in Shillong.
- শাৰী শাৰী পাইন গছবোৰ দেখিবলৈ বৰ ধুনীয়া ৷ – The rows and rows of pine trees are very beautiful to look at.
- ফৰকাল বতৰত আমি তাত সদায় খোজকাঢ়ি ফুৰিছিলোঁ । – We used to walk there when the weather was clear.
- আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে। – Everybody in our family gets up early in the morning.
- তুমি কেতিয়া উঠা? – What time do you get up?
- যোৱা ৰাতি মোৰ ভাল টোপনি নহ’ল। – Last night I did not have a sound sleep.
- মই এটা অদ্ভুত সপোন দেখিছিলোঁ। – I had a strange dream.
- সপোনত তুমি মোৰ আগত ওলাইছিলা। – You appeared before me in that room.
- তুমি আবেলি মোৰ লগত খেল-পথাৰলৈ যাবলৈ আহিছিলা। – You came to me in the afternoon to go to the playground with me.
- তুমি মোক ক’লা, মই আজি এটা সোণালী বল আনিছোঁ৷” – You told me, “Today I have brought a golden ball.”
- “ব’লা খেলিবলৈ যাওঁ” মই ক’লোঁ। – “Let’s go out to play”, I said.
- খেল-পথাৰত মই বলটো মাৰিব খুজিছিলোঁ। – In the playground, I wanted to kick the ball.
- তুমি ক’লা, “বলটো ভৰিৰে নুচুবা ।” – “Don’t touch the ball with your feet”, you said.
- মই ক’লো, “নুচুৱাকৈ কেনেকৈ খেলিম?” – “How shall I play without touching it?’ I said.
- তুমি উত্তৰ দিলা, “কিয় নোৱাৰিবা?” – “Why can’t you?” you replied.
- মোৰ বৰ খং উঠিল আৰু তোমাক পাগল যেন লাগিল। – I was very angry and you seemed to be mad.
- মই তোমাৰপৰা বলটো কাঢ়ি আনিবলৈ চেষ্টা কৰিলোঁ। – I tried to snatch away the ball from you.
- তুমি বলটো দলিয়াই দিলা আৰু ই আকাশৰ ফালে উৰি গ’ল। – You threw the ball away and it flew up into the sky.
- ঠিক সেই সময়তে মই সাৰ পালোঁ। – Just then, I woke up.
- তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও হ’ব লাগিব। – You must not only be intelligent, but also industrious.
- পৰিশ্ৰমী নহ’লে তুমি জীৱন-যুদ্ধত জয়ী হ’ব নোৱাৰা। – Unless you are industrious, you cannot win the battle of life.
- তুমি এতিয়া স্কুলত পঢ়ি আছা। – You are now studying at school.
- কিছুদিন পিছত তুমি কলেজলৈ যাব লাগিব। – After some time, you will have to go to a college.
- তুমি এজন ডাক্তৰ হ’ব খুজিছা। – You want to be a doctor.
- কিন্ত পৰীক্ষাত ভাল নম্বৰ নাপালে মেডিকেল কলেজত ভৰ্তি হ’ব নোৱাৰিবা। – But unless you secure good marks iin the examination, you won’t be able to get admitted to the Medical College.
- মোৰ ভাইটোৱে যোৱা চাৰিবছৰে মেডিকেল কলেজত পঢ়ি আছে। – My younger brother has been studying in the Medical College for the last four years.
- সি অস্ত্ৰোপচাৰৰ বিশেষজ্ঞ (specialist in surgery) হোৱাৰ কথা চিন্তা কৰিছে। – He is thinking of becoming a specialist in surgery.
- তাৰ লক্ষ্য পূৰণ হ’ব বুলি আশা কৰিছোঁ। – I hope his ambition would be fulfilled.
SEBA Class 10 English Grammar | দশম শ্ৰেণীৰ ইংৰাজী ব্যাকৰণ
Here I have given more examples of Assamese to English sentence translation. I have categorized these examples of Assamese to English Translation on the basis of the use of “Article”, “There”, “Have” etc. This will help you to know how to translate sentences using the past tense, present tense, future tense, using articles, etc.
ছাত্ৰ-ছাত্ৰীয়ে সচৰাচৰ কৰা ভুলৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদৰ উদাহৰণ দিয়া হৈছে।
Article-ৰ ব্যৱহাৰ কৰি অনুবাদ:
- ৰাম সাধু ল’ৰা – Ram is an honest boy.
- প্রধান শিক্ষকে তেওঁক এটা পুৰস্কাৰ দিছিল -The Headmaster gave him a reward.
- মোৰ ভাইজন ডাক্তৰ – My brother is a doctor.
- এনেকুৱা দুষ্ট ল’ৰা মই দেখা নাই – I have not seen such a naughty boy.
- ব্ৰহ্মপুত্ৰ ডাঙৰ নদী – The Brahmaputra is a big river.
- তেওঁ শিক্ষক হ’ব খোজে — He wants to be a teacher.
Introductory ‘There’-অৰ ব্যৱহাৰ:
- ঘোঁৰাশালত এটা ঘোঁৰা আছে — There is a horse in the stable.
- সেই কোঠাটোত তিনিজনী ছোৱালী আছে – There are three girls in that room.
- এখন ৰাজ্যত এজন ৰজা আছিল — There was a king in a country.
- খেল পথাৰত বহুতো ল’ৰা-ছোৱালী আছিল নেকি? —Were there many children in the playground?
- কালি বজাৰত হুলস্থূল লাগিছিল–There was a hue and cry in the market yesterday.
- যোৱাৰাতি নগাঁৱত বোমা বিস্ফোৰণ হৈছিল -There was a bomb explosion in Nagaon last night.
- হলটোত বহুত মানুহ আছিল -There were many people in the hall.
- বস্তাটোত বহুত চেনি আছিল -There was a large quantity of sugar in the bag.
- তোমালোকৰ শ্ৰেণীত পঞ্চাশজনতকৈ বেছি ছাত্ৰ আছে নেকি? – Are there more than fifty students in your class?
- সভাত কিবা গোলমাল হ’ব নেকি? – Will there be any disturbance in the meeting?
- তেওঁক হস্পিতেললৈ নিওঁতা কোনো নাই – There is no one to take him to the hospital
- বজাৰত কেইটা ভেড়া ছাগলী আছে? – How many sheep are there in the market?
Introductory ‘It’-অৰ ব্যৱহাৰ | Use of “It” in Assamese to English Translation
- আজি বৰষুণ হ’ব পাৰে – It may rain today.
- শীতকালত খুব ৰাতিপুৱাই শোৱাপাটি এৰা বৰ টান — It is very difficult to get up from bed early in the morning in winter.
- তেতিয়া সন্ধিয়া ছয় বাজিছিল – It was six o’clock in the evening then.
- তোমাৰ ঘড়ীত এতিয়া কিমান বাজিছে? – What time is it by your watch?
- এই ঘৰটো সাজোঁতে কিমান দিন লাগিব? – How much time will it take to build this house?
- তাৰ কাৰণে এই পৰীক্ষাটো পাছ কৰা অসম্ভৱ – It is impossible for him to pass this examination.
- তেওঁ যে তোমাক ঠগিব পাৰে এই কথা বিশ্বাস নহয় – It is unbelievable that he can deceive you.
Be আৰু Have – অৰ ব্যৱহাৰ কৰি ইংৰাজীলৈ অনুবাদ:
- তেওঁলোক চাৰিজন ভাই-ককাই আছিল – They were four brothers.
- তেওঁৰ চাৰিটা ল’ৰা-ছোৱালী আছিল – He had four children.
- শ্ৰীবৰুৱা সভাখনৰ সভাপতি আছিল – Sri (Mr) Barua was the President of the meeting.
- মঙলুৰ দুটা হৰিণ আছিল – Mangalu had two deer.
- আমজোপাৰ তলত সেয়া কোন – Who is there under the mango tree?
- তেওঁৰ কলম আছেনে? – Has he a pen?
- আমাৰ গাঁৱত এশ পঞ্চাশ ঘৰ মানুহ আছে – There are one hundred fifty families in our village.
- তেওঁলোকৰ বহুতৰে মাটি নাই – Many of them have no land.
- মই অহাৰ সময়ত তেওঁলোক ঘৰত নাছিল – They were not at home when I came.
- তেওঁলোকে আঠ বজাত ৰাতিপুৱাৰ আহাৰ খোৱা নাছিল – They did not have their breakfast at 8 o’clock.
- তেওঁৰ অসুখ হৈছিল – He was ill.
- তেওঁৰ মূৰৰ বিষ উঠিছিল – He had a headache.
- তুমি এই সময়ত ইয়াত কেলেই আছা? – Why are you here at this time?
- তোমালোকৰ ঘৰত বন কৰা ছোৱালী আছে নে? – Have you a maidservant in your house?
- তাই ইমান লাহে লাহে কাম কৰে যে এইটো কাম এঘণ্টাত শেষ কৰিব নোৱাৰে – She is too slow to finish this work in an hour.
Have আৰু Get অৰ ব্যৱহাৰ (Use of Have and Get in Assamese to English Translation)
- কালি মই চুলি কটালোঁ – I had my hair cut yesterday. Or, I had a haircut yesterday.
- তোমালোকৰ ঘৰটোত চূণ দিয়ালা নেকি? – Have you had your house whitewashed?
- তাই সন্দিকৈ ছোৱালী কলেজত ভৰ্তি হ’ল – She got admitted to Handique Girls’ College.
- তোমাৰ দাঁতটো যদি এতিয়াও বিষাই আছে তেনেহ’লে সেইটো উঠাই পেলাব লাগিব – If your tooth is still aching, you must have it pulled out.
- তেওঁ কিতাপখন গুৱাহাটীত ছপাব – He will have his book printed in Guwahati.
- দেউতাই চুলিত কলপ দিলে – Father has got his hair dyed.
- মই তাক জেলত দিয়াম — I shall have him put in jail.
Use of Tense in Assamese to English Translation | অসমীয়াৰ পৰা ইংৰাজীৰ অনুবাদত Tense-অৰ ব্যৱহাৰ
In this section, you will learn how to use Tense while translating sentences from the Assamese language to the English language. Since most of the students make mistakes in the use of Tenses so I have included these examples. This will be very helpful for preparing for the English grammar section for the HSLC final examination by SEBA class 10 students.
অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰোঁতে Tense কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কিছুমান উদাহৰণ তলত দিয়া হ’ল।
Simple Present অৰ ব্যৱহাৰ:
- মাকে নিজৰ সম্ভানক ভাল পায় – A mother loves her child.
- ছোৱালীজনীয়ে মিঠাই খাবলৈ ভাল পায় – The girl likes sweets.
- দোকানখন ন বজাত খোলে — The shop opens at 9 O’clock.
- মই এখন বাছ আহি থকা দেখিছোঁ – I see a bus coming.
- তুমি আহি পোৱা বাবে মই বৰ সুখ পাইছোঁ – I feel happy at your arrival.
- ৰেণু দহ বজাত স্কুললৈ যায় – Renu goes to school at 10 o’clock.
- এককিলো মাছৰ দাম চল্লিশ টকা – A kilogram of fish costs forty rupees.
- প্ৰধানমন্ত্ৰী কালি ৰাতিপুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব – The Prime Minister leaves for the U.S.A. tomorrow morning.
Present Continous Tense-অৰ ব্যৱহাৰ:
- তোমালোকে এতিয়া লিখি আছানে? – Are you writing now ?
- ৰাম আৰু হৰিয়ে খেলি আছে – Ram and Hari are playing.
- আমাৰ প্রধান শিক্ষকে এখন ইংৰাজী ব্যাকৰণৰ কিতাপ লিখি আছে – Our Headmaster is writing a book on English Grammar.
- ৰম্লাই অহা পৰীক্ষাৰ বাবে পঢ়া-শুনা কৰি আছে – Ramala is studying for the coming examination.
- তোমালোক আমাৰ ঘৰলৈ কেতিয়া আহিবা? – When are you coming to our house?
- কাইলৈ আমাৰ সাধাৰণ সম্পাদকে শিক্ষা মন্ত্ৰীক লগ ধৰিব – Our General Secretary is meeting the Education Minister tomorrow.
- আমি অহা মাহত শ্বিলঙলৈ যাম – We are going to Shillong next month.
Present Perfect Tense-অৰ ব্যৱহাৰ:
- মই অজন্তাৰ গুহাবোৰ দেখা নাই – I have not seen the caves of Ajanta.
- আমি এখন চাইকেল কিনিছোঁ — We have bought a bicycle.
- মই কেবাবাৰো চিৰিয়াখানালৈ গৈছোঁ – I have been to the zoo several times.
- যোৱা দুবছৰৰ পৰা আমি বন্ধু – We have been friends for the last two years.
- তেখেতে দহ বছৰ ধৰি শিক্ষকতা কৰিছে – He has been a teacher for ten years.
- ১৯৭০ চনৰ পৰা আমি গুৱাহাটীত আছো – We have been in Guwahati since 1970.
- বাছখন গ’ল – The bus has left.
- ৰেলখন এইমাত্ৰ আহি পাইছে – The train has just arrived.
- আমি ইতিমধ্যে আহাৰ খালোঁ – We have already taken our meal.
Present Perfect Continuous Tense-অৰ ব্যৱহাৰ:
- মোৰ সৰু ভণ্টিজনীৰ আজি চাৰিদিন ধৰি জ্বৰ – My little sister has been suffering from fever for four days.
- শ্ৰীশইকীয়াই এইটো অফিচত ১৯৭৫ চনৰ পৰা কাম কৰি আছে – Mr. Saikia has been working in this office since 1975.
- মই চাৰি বজাৰপৰা তোমাৰ বাবে অপেক্ষা কৰি আছো – I have been waiting for you since 4 o’clock.
- তাই তিনি ঘণ্টা পঢ়ি আছে – She has been reading for three hours.
Simple Past Tense-অৰ ব্যৱহাৰ:
- ৰমেনৰ ককাদেউতাক যোৱা বছৰ ঢুকাইছে – Ramen’s grandfather died last year.
- কালি ট্ৰাকখনৰ দুৰ্ঘটনা হৈছিল – The truck was involved in an accident yesterday.
- আজি ৰাতিপুৱা টেলিগ্ৰামখন পালোঁ – The telegram was received this morning.
- মহাত্মা গান্ধীয়ে ইংলেণ্ডত আইন পঢ়িছিল – Mahatma Gandhi studied law in England. |
- বৰুৱাই সেনাবাহিনীত চাৰি বছৰ চাকৰি কৰিছিল – Mr. Barua served in the army for four years.
- ১৯৭৮ চনৰ ৰেল দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল – He was killed in the train accident of 1978.
Past Progressive Tense-অৰ ব্যৱহাৰ:
- কালি গোটেই আবেলিটো ল’ৰা-ছোৱালীহঁতে খেলি আছিল – The children were playing the whole of the afternoon yesterday.
- তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো – I was reading English when you came.
- মানুহজনে দৌৰি থাকোঁতে তেওঁৰ মূৰত শিলগুটিটো পৰিছিল – The stone hit the man when he was running.
- অফিচৰপৰা আহোঁতে দেউতাই ভিক্ষাৰীজনক লগ পাইছিল – Father met the beggar when he was coming from the office.
- স্কুল ছুটীৰ পিছত তুমি কি কৰি আছিলা? – What were you doing after school hours?
Past Perfect Tense-অৰ ব্যৱহাৰ:
- মই ঘৰ পোৱাৰ আগতে মোৰ ভাইটি আৰু ভণ্টিয়ে আটাইকেইটা আম খাই পেলাইছিল – My younger brother and sister had eaten all the mangoes when I reached home.
- আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল – The play had started when we reached the playground.
- ডাক্তৰ আহি পোৱাৰ আগতেই ৰোগী ঢুকাল – By the time the doctor arrived, the patient had died.
- তেওঁ ক’লে যে শিশুকালত তেওঁ মাকক হেৰুনাইছে – He said that he had lost his mother in his childhood.
- শিক্ষকে কোৱাৰ পিছতো তেওঁ কিতাপখন অনা নাছিল – He did not bring the book even after the teacher had told him to.
Interrogative Sentence (প্ৰশ্নবোধক বাক্য) | Assamese Interrogative Sentences Translation to English
- তুমি ক’লৈ যোৱা ? – Where are you going?
- তোমাৰ বন্ধু কোন ? – Who is your friend?
- তুমি গাড়ী চলাব পাৰানে? — Can you drive a car?
- তোমাৰ মা ক’লৈ গৈছে?- Where has your mother gone?
- তুমি হিন্দী জানানে? — Do you know Hindi?
- তুমি যোৱা বছৰ গুৱাহাটীলৈ গৈছিলা নেকি ? – Did you go to Guwahati last year?
- তোমাৰ বাইদেৱেৰাই গান গায় নেকি? – Does your elder sister sing?
- তুমি ইমান সুন্দৰকৈ গান গাবলৈ কেনেকৈ শিকিলা ? – How have you learnt to sing so well? .
- মই সঁচাকৈয়ে ভাল গান গাওঁনে? – Do I really sing well?
- পিতাই মোক সুধিছিল, “কালি স্কুললৈ কিয় নগ’লা ?” – Father asked me, “Why did you not (didn’t you) go to school yesterday?”
- মাই ক’লে, “আপুনি নাজানে নেকি যে তাৰ গা বেয়া ?” – Mother said, “Don’t you know that he is ill.”
- পিছৰ ৰেলখন কেতিয়া আহিব ? – When does the next train arrive?
- তোমালোকে নৈখন কেনেকৈ পাৰ হ’বা ? – How will you cross the river?
- তোমালোকে গৰম বন্ধটো কেনেকৈ কটালা? – How did you spend your summer vacation?
- ভিক্ষাৰীজনক কি লাগে? — What does the beggar want.
Few Examples of Complex Sentence Translation:
- তেতিয়া জানিব পাৰিলোঁ তাৰ মনটো কি কাৰণে বেয়া আছিল – Then I could know why he was sad.
- ক’লৈ যাব লাগে মই নাজানো – I do not know where to go.
- তেওঁ ক’ত থাকে ক’ব পাৰানে? – Can you tell me where he lives?
- এই কলমটো কাৰ তুমি জানানে ? – Do you know whose pen it is?
- এইটোনো কি তাকে ভাবি মই আচৰিত হৈছোঁ – I wonder what it is.
- তাইৰ নামটোনো কি মই জানিব খুজিছিলো – I wanted to know what her name was.
- প্ৰধান শিক্ষকে মোক কি সোধে জানিবৰ বৰ মন গৈছে – I am very eager to know what the headmaster will ask me.
- কিতাপকেইখন ক’ত থ’ব লাগে ৰীতাই মোক কোৱা নাই – Rita has not told me where to keep the books.
- ধন অৰ্জাটো কিমান টান কাম এতিয়াও তোমালোকে বুজি পোৱা নাই – You have not yet realised how difficult it is to earn money.
- তেওঁ কিয় মোক বেয়া পায় তুমি জানানে ? – Do you know why he dislikes me?
- কোনে এই কামটো কৰিলে মই নাজানো – I do not know who has done this.
- মানুহজন কোন মই এতিয়াও জানিব পৰা নাই – I have not yet been able to know who the man is.
- তেওঁ আমাৰ লগত যায়নে নাযায় সুধিব লাগিব – We must ask him whether he goes with us or not.
- কোঠাটোত কিমান মানুহ আছে হিচাপ কৰাচোন – Please count how many people there are in the room.
- এই অংকটো কেনেকৈ কৰিব লাগে মোক কোৱাচোন – Please tell me how to work out this sum.
- সৰু ল’ৰা-ছোৱালীৰ যত্ন লোৱাটো কিমান টান পিছত বুজি পাবা – You will realise later how difficult it is to look after little children.
- ৰেলখন কেতিয়া যায় ষ্টেচনত খবৰ কৰিবা – Please enquire at the station when the train leaves.
- তুমি কেতিয়া আহিবা মোক লিখি জনাবা – Please write to me when you are coming. ৃ
- তেওঁ কাক ভাল পায় মই জানো – I know whom he loves.
- কোনটো চোলা তুমি লোৱা মোক ক’ব লাগিব – You must tell me which shirt you choose.
- কেনি যাব লাগে জানানে? – Do you know which way to go?
Miscellaneous :
- তেওঁৰ ভাগৰ লাগিছে – He is tired.
- ল’ৰাটোক বুধিয়ক যেন লাগে – The boy seems to be intelligent.
- তাক জিৰণিৰ দৰকাৰ – He needs rest.
- মোৰ পিয়াহ লাগিছে – I am thirsty.
- তেওঁ কান্দিব যেন লাগিছে – It seems that he is going to cry.
- এই কামটো বৰ জটিল যেন লাগিছে – This task seems to be very difficult.
- তুমি মোক তোষামোদ কৰিব নালাগে – You need not flatter me.
- তেওঁৰ কথাৰপৰা মানুহজনক দোষী যেন লাগিছে – It appears from his words that the man is guilty.
- তোমাৰ লগত মই একমত – I agree with you.
I hope these examples of Assamese to English Translation will be very helpful for SEBA class 10 students in their English subject.