বিদ্যাধন-মহাধন কবিতাটিৰ মূলভাব – Bidyadhan-Mahadhan

In this post, you will get the summary of the Assamese poem “Bidyadhan-Mahadhan”. The poet of this poem is Dhanai Bora. This Assamese poem Bidyadhan-Mahadhan is included in the Assamese textbook of SEBA class 6. Mostly in some private school books. The summary of this Assamese poem Bidyadhan-Mahadhan will help students to understand it better. ইয়াত বিদ্যাধন-মহাধন নামৰ কবিতাটিৰ মূলভাব বা সাৰাংশ দিয়া হৈছে। কবিতাটোৰ কবি ধনাই বৰা। এই কবিতাটি ষষ্ঠ শ্ৰেণীৰ পাঠ্য-পুথিত অন্তৰ্গত। বিদ্যাধন-মহাধন কবিতাটিৰ সাৰাংশ সকলো ছাত্ৰ-ছাত্ৰীয়ে বুজি পোৱাকৈ দিয়া হৈছে।

বিদ্যাধন-মহাধন কবিতাটিৰ মূলভাব / সাৰাংশ - Summary of the Poem Bidyadhan-Mahadhan

বিদ্যাধন-মহাধন – Bidyadhan-Mahadhan

কবি: ধনাই বৰা

জান, ল’ৰা কি কাৰণ,

বিদ্যাধন-মহাধন?

অন্য ধন চোৰে পায়,

অগনিত পুৰি যায়।

ভাই আৰু ভগিনীয়ে,

অংশ কৰি অংশ নিয়ে।

যদি দান কৰা যায়,

ক্ৰমে ক্ৰমে শেয় পায়।

কিন্তু এই বিদ্যাধন,

কৰি ল’লে উপাৰ্জন।

চোৰৰ বিফল যত্ন,

চুৰ কৰে হেন ৰত্ন।

ভাই ভাগী থাকিলেও,

তাৰ অংশী নাই কেও।

অগ্নিলৈ নাথাকে ভয়,

দিলে তাৰ নাই ক্ষয়।

সততে লগত থাকে,

দিব পাৰি যাকে-তাকে।

যত দান কৰা যায়,

ততোধিক বৃদ্ধি পায়।

বোলে, ল’ৰা ই কাৰণ,

বিদ্যাধন-মহাধন।

এতেকে বাক্য ধৰা,

যত্নে বিদ্যা শিক্ষা কৰা।

কৰবিতাটিৰ মূলভাব

This is the complete version of the Assamese poem Bidyadhan-Mahadhan. The summary of this poem is given below. কবিতাটোৰ সাৰাংশ তলত দিয়া হৈছে।

বিদ্যাধন-মহাধন কবিতাটিৰ মূলভাব / সাৰাংশ – Summary of the Poem Bidyadhan-Mahadhan

প্ৰশ্ন: বিদ্যাধন-মহাধন কবিতাটিৰ মূলভাব লিখা।

উত্তৰ: মানুহে জীৱনত অনেক ধন-সম্পত্তি অৰ্জন কৰিলেও সি একেবাৰে অস্থায়ী। একেটা জীৱনতে অতি ধনী হোৱা ব্যক্তি দুৰ্ভাগ্যবশতঃ বাটৰ ভিকহু হোৱা পৃথিৱীত অনেক উদাহৰণ আছে। আৰ্জিত ধন ভাই-ভতিজাই ভাগ কৰি নিব পাৰে, চোৰে একেদিনাই লুটি নিব পাৰে, জুয়ে ছাৰখাৰ কৰিব পাৰে। তদুপৰি ধনী মানুহে কেৱল সহায় বিচৰা লোকৰ মাজত আৰু নিজৰ ঠাইতহে সন্মান পায়। তদুপৰি ধন আনক দিলে টুটিহে যায়। কিন্তু বিদ্যাধন এই ধনতকৈ বহুত ওপৰত। বিদ্যাধন এবাৰ অৰ্জন কৰি ল’লে তাক চোৰে নিব নোৱাৰে, ভাই-ভতিজাই ভাগ কৰি নিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে। আনক যিমানেই এই বিদ্যাধন দিয়া যায় সিমানে বাঢ়েহে। বিদ্যাৱন্ত লোকক সমগ্ৰ বিশ্বই সন্মান কৰে। সেই কাৰণে বিদ্যা পৰম ধন।

1 thought on “বিদ্যাধন-মহাধন কবিতাটিৰ মূলভাব – Bidyadhan-Mahadhan”

Leave a Comment