শ্ৰীমন্ত শংকৰদেৱ, ৰচনা | Essay on Srimanta Shankardeva in Assamese

This is an essay on Shrimanta Shankardev in Assamese. This essay is in about 500 words. This essay on Srimanta Shakardev will be very helpful to students of SEBA who will appear in the HSLC examination. This type of biographical essay in Assamese is very common in Assamese medium schools. ইয়াত এখন শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ৰচনা দিয়া হৈছে। এই ৰচনাখন তোমলোকে “এজন মহাপুৰুষ” বিষয়টোৰ কাৰণেও লিখিব পাৰিবা। “শ্ৰীমন্ত শংকৰদেৱ” বিষয়ত লিখা ৰচনাখন ৫০০ শব্দৰ ভিতৰত লিখা হৈছে।

শ্ৰীমন্ত শংকৰদেৱ, ৰচনা | Essay on Srimanta Shankardeva in Assamese

500 Words Essay On Srimanta Shankardeva in Assamese | মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা

This essay describes the life and achievements of Srimanta Shankardeva in Assamese. এই ৰচনা খনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৃ্ৰ্তিৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰা হৈছে।

শ্ৰীমন্ত শংকৰদেৱ – Srimanta Shankardeva

আৰম্ভণিঃ

মহা মহা পুৰুষৰ               চানেকিৰে জীৱনৰ

          আমিও কৰিব পাৰো জীৱন গঢ়িত;

অভিনয় শেষ হ’লে             আবেলি মাৰ গ’লে

         থৈ যাব পাৰো খোজ সময় বালিত।

অসমীয়া সাহিত্যৰ ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালাদেৱে ‘জীৱন সংগীত’ (Psalm of Life-ৰ ভাঙনি) নামৰ কবিতাত মহাপুৰুষৰ জীৱনৰ আহিৰে আমি কেনেকৈ জীৱন গঢ়িব পাৰোঁ তাৰ ইংগিত দিছে।

শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৃ্ৰ্তিঃ

শ্ৰীমন্ত শংকৰদেৱ আছিল অসমৰ এগৰাকী ক্ষণজন্মা মহাপুৰুষ। নগাঁৱৰ বৰদোৱাৰ ওচৰত আলিপুখুৰী নামৰ গাঁৱত ১৪৪৯ খ্ৰীঃত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ জন্ম হৈছিল। দেউতাক আছিল কুসুম্বৰ ভূঞা আৰু মাক আছিল সত্যসন্ধ্যা। শংকৰৰ জন্মৰ কিছুদিনৰ পিছতে মাকৰ মৃত্যু হয় আৰু আইতাক খেৰসুঁতিয়ে ডাঙৰ-দীঘল কৰে। ১২ বছৰ বয়সলৈ ধিটিঙালি কৰি ফুৰা শংকৰক আইতাকে গুৰু মহেন্দ্ৰ কন্দলিৰ পঢ়াশালিত ভৰ্তি কৰাই দিছিল আৰু শংকৰে লিখা-পঢ়া শিকাত মনোযোগ নিদি সময় কটোৱাত আক্ষেপ কৰিছিল। কিন্তু মহেন্দ্ৰ কন্দলিৰ পঢ়াশালিত ভৰ্তি কৰাই দিয়াৰ পিছত শংকৰে মনোযোগেৰে অধ্যয়ন কৰিবলৈ লৈছিল। অতি কমদিনৰ ভিতৰতে চাৰি বেদ, চৈধ্য শাস্ত্ৰ আৰু ওঠৰ পুৰাণৰ জ্ঞান লাভ কৰি সকলোকে চমক লগাই দিছিল।

কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছত জ্ঞাতি-কুটুমে লগলাগি শংকৰক বাৰভূঞা বিষয় দিছিল। বিষয়-সংসাৰ চলোৱাত শংকৰক লগোৱাৰ বাবেই সূৰ্যৱতী আইৰ লগত শংকৰৰ বিয়া পাতি দিছিল। কিন্তু মনু নামৰ কন্যা এটিৰ জন্মৰ পিছত সূৰ্যৱতী আইৰ মৃত্যু হোৱাত শংকৰৰ বিষয়-বাসনাৰ প্ৰতি বৈৰাগ্য ওপজে। মনু কন্যাক হৰি জোঁৱাইলৈ বিয়া দিয়াৰ পিছত শংকৰদেৱে খুড়াকক ভূঞা বিষয়বাব চমজাই দি তীৰ্থ ভ্ৰমণলৈ যায়। বাৰ বছৰ ধৰি গংগা, গয়া, কাশী, মথুৰা, বৃন্দাবন আদি তীৰ্থ ভ্ৰমণ কৰি নিজ দেশলৈ ঘূৰি আহি তীৰ্থ ভ্ৰমণৰ অভিজ্ঞতাৰে নিজৰ প্ৰতিভা সংযোগ কৰি শংকৰদেৱে অসমত ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অভিযান চলায় ক্ৰমাৎ ব্যভিচাৰী হৈ পৰা অসমীয়া সমাজখনক পুনৰ প্ৰতিষ্ঠা  কৰাৰ বাবে মহাপুৰুষজনাই অসমৰ ইমূৰৰপৰা সিমূৰলৈ ভ্ৰমণ কৰি মাধৱদেৱ প্ৰমুখ্যে শিষ্যসকলৰ সহযোগত সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।

কীৰ্তন-দশমৰ দৰে ভক্তিগ্ৰন্থ ৰচনা কৰি সত্ৰনামঘৰত পাঠ কৰি ভক্তসকলক ধৰ্মৰ ব্যাখ্যা শুনাইছিল। ধৰ্ম প্ৰচেৰত ভাওনা সকলোতকৈ ফলদায়ক উপায় জানি ভাওনাৰ যোগে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় দেখুৱাইছিল। সেই উদ্দেশ্যে মহাপুৰুষে চিহ্নযাত্ৰা, ৰামবিজয়, কেলিগোপাল, পত্নীপ্ৰসাদ, ৰুক্মিনীহৰণ আৰু পাৰিজাত হৰণ আদি নাট লিখিছিল। কেৱল ধৰ্মপ্ৰচাৰকেই নহয়, শংকৰদেৱ আছিল এজন তুলনাবিহীন সাহিত্যিক। মহাপুৰুষজনা অসমীয়া নাট আৰু গদ্য সাহিত্যৰ জনক আছিল। ভ্ৰষ্টাচাৰী হৈ পৰিব ধৰা অসমীয়া সমাজখনক মহাপুৰুষজনাই কেৱল ধৰ্মৰ ক্ষেত্ৰতে নহয়, সাহিত্য-সংস্কৃতি, গীতভাওনা সকলো ক্ষেত্ৰতে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে। মহাপুৰুষজনাৰ জীৱনৰ কীৰ্তি: কাহিনীৰ অস্ত নাই। মহাপুৰুষৰ বিস্তৃত আৰু কৈ শেষ কৰিব নোৱৰা জীৱন কাহিনীৰ বিষয়ে কবিয়ে লিখিছে –

মহাপুৰুষৰ জীৱনী লিখে এনে সাধ্য কাৰ

গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ।

কবিৰ এই উক্তিৰপৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল ব্যক্তিত্ব আৰু প্ৰতিভাৰ উমান পাব পাৰি। অসমীয়া জাতিয়ে মহাপুৰুষজনাক কেতিয়াও পাহৰিব নোৱাৰে।

সামৰণি:

মহাপুৰুষজনাৰ নিৰ্দেশিত পথেৰে চলিলে ব্যক্তি, সমাজ আৰু দেশৰ মংগল সাধিত হ’ব। ল’ৰা-বুঢ়া, ডেকা-ডেকেৰী, জীয়াৰী-বোৱাৰী সকলোৱে মহাপুৰুষৰ আদৰ্শ আগত ৰাখি জীৱনৰ কৰ্তব্য পালন কৰিলে সকলোৱে শাস্তিৰে কাল যাপন কৰিব পাৰিব।

3 thoughts on “শ্ৰীমন্ত শংকৰদেৱ, ৰচনা | Essay on Srimanta Shankardeva in Assamese”

Leave a Reply

Your email address will not be published.