বিহু আদৰণি কবিতাৰ মূলভাব – Bihu Aadoroni

In this post, you will get a summary of the Assamese poem Bihu Aadaroni. The poet of this Assamese poem is Mitradev Mahanta. This poem is taken from class 6 Assamese book. Since the book in every school is different, this poem may or may not be in every Assamese textbook of class. ইয়াত বিহু আদৰণি নামৰ কবিতাৰ মূলভাব দিয়া হৈছে। কবিতাটোৰ কবি মিত্ৰদেৱ মহন্ত। কবিতাটো ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্য-পুথিৰ পৰা লোৱা হৈছে। বিহু আদৰণি কবিতাটোৰ সাৰাংশ সকলো ছাত্ৰ-ছাত্ৰীয়ে বুজি পোৱাকৈ সহজ ভাষাত সুন্দৰকৈ দিয়া হৈছে।

বিহু আদৰণি কবিতাৰ মূলভাব / সাৰাংশ - The Summary of the Poem "Bihu Aadaroni"

The Full Version of the Poem – Bihu Aadaroni | বিহু আদৰণি কবিতাটো

কবি: মিত্ৰদেৱ মহন্ত

শুনা এ চ’তাই

পেঁপাটি বজাই

ৰঙালীক আহাঁ৷ লৈ।

পদূলিমুখত

বাট চাই চাই

থাকিম কিমান ৰৈ।।

আনিলোঁ জেতুকা

আনিলো থেৰেজু

আনিলো বৰ্হমথুৰি।

মাখিয়তী পাতে

তৰাৰ পঘাৰে

আওলা পেলালোঁ জুৰি।।

আনিলোঁ হালধি

থেকেৰা বেঙেনা

সাজিলোঁ বাঁহৰ চাট।।

ঢোল টকা পেঁপা

সুগৰ কৰিলোঁ

সাৰিলোঁ চোতাল বাট।।

আয়ে কাটিলে

শালৰ গীমোচা

আঁচুৰ ভমকা ফুল।

বায়ে আনি থ’লে

খোপালৈ বুলি

ৰচঙ্গা কপৌৰ ফুল।।

বহল পাতেৰে

নাহৰৰ ডালি

পিতাই আনিলে গৈ।

খুড়ীয়ে পাতিলে

মজিয়াত খোলা

তিল, গুড় দিহা কৈ।।

আইতাই মচি

থাপনাৰ আগ

থৈছে সেন্দূৰী কৈ।

নৰ’বা চ’তাই

কাবৌ কৰিছোঁ

আহাঁ ৰঙালীক লৈ।।

The summary of this poem is given below. কবিতাটিৰ সাৰাংশ তলত দিয়া হৈছে।

বিহু আদৰণি কবিতাৰ মূলভাব / সাৰাংশ – The Summary of the Poem “Bihu Aadaroni”

প্ৰশ্ন: বিহু আদৰণি কবিতাটিৰ মূলভাব লিখা।

উত্তৰ:

“বিহু আদৰণি” কবিতাটিৰ জৰিয়তে হেঁপাহৰ ব’হাগ বিহুটিৰ প্ৰতি থকা প্ৰতিজন অসমীয়াৰ ৰঙিয়াল মনোভাব সুন্দৰকৈ ফুটি উঠিছে। বিহুটি সোনকালে নহা কাৰণে ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোটি উদ্বিগ্ন হৈ পৰিছে। কাৰণ বিহুটি আহিব বুলি সময়ৰ আগতেই সকলো আয়োজন কৰি পেলাইছে। জেতুকা, থেৰেজু, বৰ্হমথুৰিৰে ৰং সানি বিহুবলিয়া হ’বলৈ আমি চ’ত মাহতেই সাজু হৈছোঁ। তৰাৰ পঘাৰে গৰুক ন-পঘথা দিবলৈ, মাখিয়তী পাতেৰে গধূলি গৰুৰ গাত মৰমেৰে কোবাবলৈ আমি সকলো আনি হাতে পোৱাতে থৈছোঁ। হালধি, থেকেৰা, বেঙেনা আনিছোঁ চাট সাজিবলৈ আৰু শেষত ঢোল, টকা, পেঁপা আদিবোৰ সুৰত বান্ধি থৈছোঁ বজাই আনন্দ কৰিবলৈ। ভমকাফুলীয়া গামোচা তাতৰ পৰা কটা হৈ গ’ল। খোপাত মাৰিবলৈ কপৌফুল পোৱাতে আছে। তিল, গুড়, পিঠা সকলো যুগুতোৱা হ’ল। ঘৰৰ ডাঙৰজনে নতুন বছৰত লিখিবলৈ নাহৰপাত আনিলে আৰু আইতাই গোসাঁইঘৰো অঁটালে। এই আটাইবোৰ কৰা হ’ল, কিন্ত বিহু অহা নাই। চ’ত মাহে বাট ভেটি থৈছে। গতিকে আটায়ে চ’তক খাটনি ধৰিছে যাতে চ’ত মাহে (চ’তাই) নিজেই গৈ বিহুটিক আদৰি আনে।

Leave a Reply

Your email address will not be published.