ধান খেতি ৰচনা | Essay on Paddy Cultivation in Assamese

This is an essay on Paddy Cultivation in Assamese. This essay Assamese essay on Paddy Cultivation is about 500 words. Also, this essay is written with reference to the pattern of paddy cultivation in Assam. This essay will be very helpful to Assamese medium students of class 6 to class 10. Students who will appear at HSLC can also prepare this essay. ইয়াত ধান খেতি বিষয়ে এখন ৰচনা দিয়া হৈছে। এই ৰচনাখন ৫০০ শব্দৰ ভিতৰত লিখা হৈছে। এই ৰচনাখন ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছত্ৰীৰ বাবি উপযোগী হ’ব।

ধান খেতি ৰচনা | Essay on Paddy Cultivation in Assamese - For HSLC

500+ Words Essay On Paddy Cultivation in Assamese | (Dhan Kheti) ধান খেতি বিষয়ত ৰচনা

This Assamese essay on Paddy cultivation will cover the their types, method of farming, method of harvesting. এই ৰচনা খনত ধানৰ প্ৰকাৰ, খেতিৰ প্ৰণালী আদিৰ বিষয়ে সুন্দৰকৈ বহলাই লিখা হৈছে।

ধান খেতি – Paddy Cultivation

ধান খেতি পৃথিৱীৰ বহুতো মানুহৰ প্ৰধান আহাৰৰ খেতি। অসম আৰু ভাৰতৰ আন আন ৰাজ্যতো ধান খেতি কৰা হয়। ধানৰপৰা চাউল আৰু চাউলৰপৰা নানা তৰহৰ খাদ্যবস্তু তৈয়াৰ কৰি মানুহে খায়। অসম দেশত ধান মানুহৰ প্ৰধান আহাৰ। অসমৰ সকলো মানুহৰেই দিন-ৰাতি দুয়ো সীজতে ভাত খোৱা অভ্যাস আছে।

ধান খেতি ঘাইকৈ দুবিধ – আহু আৰু শালি ৷ আজিকালি আহুধানৰ বতৰতে চপাব পৰা বড়োধানৰ দৰে বহুবিধ ধানৰ খেতি কৰা হয়। ধান খেতি কৰাৰ বাবে বছৰটোৰ ভিন ভিন সময় লোৱা হয়। শালিধানৰ খেতি কৰাৰ বাবে খেতিয়কসকলে বহাগ-জেঠ মাহত ওখ ঠাইত মাটি বোকা কৰি কঠীয়া সিঁচে। পিছৰ বছৰৰ খেতিৰ বাবে ৰখা ধানৰ বিধানকে বীজ বা কঠীয়া বোলে৷ বোকা মাটিত ঘনকৈ সিঁচি দিয়াৰ আগতে বীজৰ ধানবোৰ পানীত তিয়াই ২/৩ দিন মুকলি ঠাইত ৰাখি গজালি মেলাই লোৱা হয়। গজালি মেলা বীজবোৰ বোকা মাটিত ঘনকৈ সিঁচি ১৫/২০ দিন ৰখাৰ পিছত ৬/১০ ইঞ্চি ওখ হয়।

জেঠ-আহাৰ মাহত পথাৰৰ মাটি চহাই বোকা কৰি কঠীয়াবোৰ উভালি আনি ৩-৪ ডালমানকৈ ১০-১২ ইঞ্চি দূৰে দূৰে শাৰী শাৰীকৈ পুতি দিয়া হয়। এনেকৈ ৰোৱা ধানৰ গুৰিত ১ বা ২ ইঞ্চিমান পানী থাকিলে ধানডৰা ১৫ দিনমানৰ ভিতৰতে সেউজীয়া হৈ বাঢ়িবলৈ ধৰে। এই ধান আঘোণ-পুহ মাহত চপাবৰ হয়। শালিধানৰ বতৰতে বাওধানো চপাবৰ হয়। সচৰাচৰ দ মাটিত ফাগুন-চ’ত মাহৰ খৰাং বতৰতে মাটি চহাই শুকান মাটিত বাওধানৰ বীজ সিঁচা হয়। মাটিৰ ওপৰত ৮-১০ ফুট পানী হ’লেও বাওধান সহজে নমৰে। গছ-লতাৰ দৰে দীঘলকৈ বাঢ়ে বাবে পানীত বুৰ নাযায়। শালিধান ইমান দ পানীত থাকিব নোৱাৰে। সেই কাৰণেই বানপানীত শালিধান মৰি যায়।

আহুধানৰ খেতি মাঘ-ফাণগুন মাহতে লগোৱা হয়। মাটি চহাই, শুকান কৰি বীজ সিঁচা হয়। ধানৰ গজালি ওলোৱাৰ পিছত খেতিপথাৰত হোৱা হাবি-বনবোৰ সযত্নে নিৰাই দিয়া হয়। এই ধান আহাৰ মাহত চপাবৰ হয়।

বড়োধানৰ খেতি সচৰাচৰ দ মাটিত পুহ-মাঘ মাহত লগোৱা হয়। এই খেতিৰ বাবেও কঠীয়া সিঁচি লোৱা হয়। বহাগ-জেঠ-আহাৰ মাহত বড়োধান চপাবৰহয়।

ধান পকিলে এক-ডেৰ ফুটমান দীঘলকৈ গছবোৰ কাটি সৰু সৰু মুঠি কৰা হয়। মুঠিবোৰ লগলগাই বোজা বান্ধি ঘৰলৈ অথবা মৰণা মাৰি ধানৰ গুটিবোৰ উলিয়াব পৰা ঠাইলৈ কঢ়িয়াই নিয়া হয়। সচৰাচৰ ধানৰ বোজাবোৰ চোতালত মুকলিকৈ মেলাই লৈ তাৰ ওপৰেৰে গৰু বা ম’হ ঘূৰাই ফুৰোৱা হয়। গৰু-ম’হৰ গচকত ধানৰ গছৰপৰা ধানগুটিবোৰ সৰি পৰে। তেতিয়া ধানৰ শুকান গছবোৰ জোকাৰি আঁতৰ কৰিলে ধানৰ গুটিবোৰ পোৱা যায়। মৰণা মৰাৰ পিছত আঁতৰাই পেলোৱা ধানৰ গছবোৰক খেৰ বোলা হয়। খেৰ গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ হয়। ধান কাটি অনাৰ পিছত খেতিপথাৰত ধান :গছৰ যি অংশ ৰৈ যায় তাক নৰা বোলে।

গুটি ধানবোৰ ৰ’দত শুকাই ঢেঁকী বা উৰালত খুন্দি চাউল উলিওৱা হয়। আজিকালি ধান বনা মিলৰ সহায়ত চাউল উলিওৱা হয়। অৱশ্যে কমকৈ হ’লেও গাঁও অঞ্চলত ঢেঁকীৰ প্ৰচলন আছে। |

গুটিধানবোৰ বস্তাত ভৰাই বৰষুণ নপৰা ঘৰত ৰাখি বা বস্তাত নভৰোৱাকৈ বতাহ_ বৰষুণ সোমাব নোৱৰাকৈ বিশেষ যত্লেৰে সজোৱা ভঁৰাল ঘৰত ৰাখি সংৰক্ষণ কৰা হয়। খেতিয়কে প্ৰয়োজনতকৈ অধিক হোৱা ধান প্ৰয়োজনবোধে বিক্ৰী কৰি দিয়ে। ধান খেতি বৰ লাভজনক খেতি। আজিকালি বৈজ্ঞানিক পদ্ধতি আৰু সা-সঁজুলিৰে ধান খেতি কৰাৰ ব্যৱস্থা আছে। বহুতো খেতিয়কে ট্ৰেক্টৰৰ সহায়ত ধান খেতি কৰে। বৈজ্ঞানিক পদ্ধতিৰে খেতি-বাতিত পানীৰো যোগান ধৰিব পৰা হৈছে। অসমত বৈজ্ঞানিক প্ৰণালীৰে ধানখেতি কৰাৰ ব্যৱস্থা বৰ্তমানে সম্প্ৰসাৰিত হোৱা নাই। গোটেই ৰাজ্যতে উপযুক্ত বৈজ্ঞানিক পদ্ধতিৰে ধান খেতি কৰিব পাৰিলে ৰাজ্যখন মূল আহাৰৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব পাৰিব।

Leave a Reply

Your email address will not be published.