উন্নতি কবিতাটিৰ মূলভাব – Summary of Poem Unnati

In this post, you will get the summary of the Assamese poem “Unnati”. The poet of this poem is Ananda Chandra Agarwala. This Assamese poem is taken from the Assamese textbook of class 6. But it is not mandatory that this poem is in all Assamese textbooks of any school. ইয়াত উন্নতি নামৰ কবিতাটিৰ মূলভাব দিয়া হৈছে। কবিতটিৰ কবি আনন্দ চন্দ্ৰ আগৰৱালা। কবিতাটোৰ সাৰাংশ সহজ ভাষাত সকলো ছাত্ৰ-ছাত্ৰীয়ে বুজি পোৱাকৈ দিয়া হৈছে। কবিতাটো ষষ্ঠ শ্ৰেণীৰ পাঠ্য-পুথিৰ পৰা লোৱা হৈছে।

উন্নতি কবিতাটিৰ মূলভাব / সাৰাংশ দিয়া হৈছে। The Summary of the Poem Unnati is given in this post. Class 6 Assamese Question Answers - SEBA

উন্নতি – কবিতাটোৰ সাৰাংশ (Unnati)

কবি: আনন্দ চন্দ্ৰ আগৰৱালা

শৰীৰৰ উন্নতিলৈ লাগে পবিত্ৰতা

মানসিক উন্নতিৰ উপায় সততা

স্বাৰ্থত্যাগ সামাজিক উন্নতিৰ মূল

কি আছে মহৎ সেৱা ধৰমৰ তুল?

সমাজৰ উন্নতিৰ স্বাৰ্থ পৰিহৰা,

আধ্যাত্মিক উন্নতিত সেৱা ধৰ্ম ধৰা।

সকলোকে নাভাবিলে নিজৰ আপোন

জগতত সেৱা ধৰ্ম নহয় সাধন।

তুমি আমি সকলোটি অংশ ঈশ্বৰৰ

সাধ্যমতে কৰোঁ হিত সকলো লোকৰ

আনন্দৰ জিলিঙনি পৰিব হিয়াত

সৰগৰ পাৰিজাত ফুলিব ধৰাত।

The summary of this poem “Unnati” is given below. It is written in very simple language so that every student can understand it properly. উন্নতি কবিতাটিৰ মূলভাব তলত দিয়া হৈছে।

উন্নতি কবিতাটিৰ মূলভাব / সাৰাংশ – Summary of the Poem Unnati

প্ৰশ্ন: উন্নতি কবিতাটিৰ মূলভাব লিখা।

উত্তৰ:

কবিতাটিৰ মূলভাব: এইটো এটা ভাবগভীৰ কবিতা। কবিতাটিত তিনিবিধ উন্নতিৰ কথা কোৱা হৈছে। কবিৰ মতে, শৰীৰৰ উন্নতি কৰিবলৈ হ’লে বিভিন্নভাৱে পবিত্ৰতা ৰক্ষা কৰিব লাগে। মনৰ উন্নতিৰ বাবে প্ৰয়োজন সততা। সৎ মানুহৰ মানসিক উন্নতি হয়।

কবিয়ে তৃতীয়বিধ উন্নতিৰ কথা বহলাই কৈছে। সেইবিধ হ’ল সামাজিক উন্নতি। ইয়াৰ বাবে প্ৰথম প্রয়োজন স্বাৰ্থত্যাগ। স্বাৰ্থত্যাগ কৰিবৰ বাবে থাকিব লাগিব বহল বা উদাৰ মনোভাব, সকলোকে আপোন বুলি ভাবিব পাৰিব লাগিব, নহ’লে সেৱা ধৰ্ম নহয় অৰ্থাৎ সামাজিক উন্নতি নহয়। সকলোকে আপোন বুলি ভাবিবলৈ আটাইকে ঈশ্বৰৰ অংশ বুলি ধৰিলেহে সমান বুলি, আপোন বুলি ভাবিব পৰা যাব। মনলৈ আনন্দ আহিব। যেতিয়া মানুহে আটাইকে আপোন বুলি ভাবি মিঃস্বাৰ্থভাৱে সেৱা কৰিব পাৰিব, তেতিয়া পৃথিৱীখন এখন ফুলনিৰ দৰে সুন্দৰ হ’ব আৰু সেই পৃথিৱীখনলৈ সৰগৰ শান্তি আৰু সুখ নামি আহিব।

Leave a Comment