অসমৰ জাতীয় উৎসৱ (বিহু) – ৰচনা | Essay on Bihu in Assamese

This is an essay on The Bihu in the Assamese Language. This essay on Bihu is in more than 500 words. This Assamese essay on the Bihu will be very helpful to students of SEBA. This is an important topic for HSLC or class 10 final examination. The words in this Assamese essay are very easy to understand so that every student can memorize them. ইয়াত এখন ৰচনা দিয়া হৈছে যাৰ বিষয়টো হ’ল – অসমৰ জাতীয় উৎসৱ অথবা বিহু । এই ৰচনাখন ৫০০ৰো অধিক শব্দৰ ভিতৰত লিখা হৈছে। দশম মান শ্ৰেণীৰ ছাত্ৰ-ছত্ৰীৰ কাৰণে এই বিহুৰ ৰচনাখন উপকৃত হ’ব।

অসমৰ জাতীয় উৎসৱ (বিহু) - ৰচনা | Essay on Bihu in Assamese for SEBA HSLC examination

Essay On The Bihu in Assamese | অসমৰ জাতীয় উৎসৱ (বিহু) বিষয়ত ৰচনা

This essay on Bihu is written explaining all three types of Bihu. Also, students will come to know Bihu is called the main Festival of Assam and how the people of Assam celebrate it. এই ৰচনা খনত তিনিওটা বিহুৰ বিষয়ে সুন্দৰ্কৈ ব্যাখ্যা কৰা হৈছে। আহা এতিয়া আমি অসমৰ জাতীয় উৎসৱ (বিহু) ৰচনাখন আলোচনা কৰো।

বিহু – The Bihu

জাতীয় উৎসৱ কাক বোলে:

এক ভৌগোলিক আৱেষ্টনীৰ মাজত বসবাস কৰা, বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষা-ভাষী লোকে এখন দেশৰ নাগৰিক হিচাপে, জাতীয় পৰিচয় অটুট ৰখাৰ বাবে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলে। এই জাতীয় উৎসৱ পালনত সকলো দেশবাসীৰে সমান অধিকাৰ আৰু স্বাধীনতা আছে।

অসমৰ জাতীয় উৎসৱ:

এসময়ত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল, মেঘালয়, মিজোৰাম সকলো অসম ৰাজ্যৰ ভিতৰুৱা আছিল। বৰ্তমান এইবোৰ বেলেগ ৰাজ্য হোৱাত অসমৰ অৱশিষ্ট অংশহে অসম হৈ আছে। অসম নামৰ এই ৰাজ্যখনৰ বৰ্তমানৰ জাতীয় উৎসৱ পূৰ্বৰপৰা পালন কৰি অহা বিহু উৎসৱটিয়েই।৷ ধৰ্ম-ভাষা-জাতি বেলেগ হ’লেও অসমীয়া বুলি পৰিচিত জাতিটোৰ জাতীয় উৎসৱ বিহু।

বিহু কেইটা আৰু কি কি:

অসমীয়াসকলে পালন কৰা বিহু ঘাইকৈ তিনিটা। দুই মাহৰ সংক্ৰান্তি বা দোমাহীৰ দিনা এই উৎসৱ পালন কৰা হয়। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু । এই তিনিটাই অসমৰ প্ৰধান বিহু বা জাতীয় উৎসৱ।

মাঘ বিহু:

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। বিহুৰ আগৰ দিনটোক উৰুকা বোলে। মাঘ বিহুক ভোগালী বিহুও বোলে। এই বিহু পালনৰ আগে আগে ধানখেতি চপাই ভঁৰাল ভৰাই ৰখা হয়। এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা-লোৱাৰ নাটনি নাথাকে। একেবাৰে দৰিদ্ৰ ঘৰ হ’লেও এসীজ আনন্দ কৰি খোৱাৰ সম্বল থাকে। সেই কাৰণেই এই বিহু ভোগালী ৷ আন আন চিৰা-পিঠা ভোগ্য বস্তুৰ উপৰি চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য। বৰ্তমান নগৰীয়া সভ্যতাই সংকুচিত কৰিলেও গাঁও অঞ্চলত ইয়াৰ ব্যৱহাৰ আজিও আছে।

মেজি ঘৰ মাঘ বিহুৰ অইন এক বৈশিষ্ট্য। গৰখীয়া ল’ৰাহঁতে গোটেই পুহ মাহটোতে পথাৰৰ নৰা কাটি, শুকান কল চৌচনি আনি, কেঁচা বীহৰ খুটা পুতি মেজি আৰু মেজিঘৰ বা মঠ সাজে। উৰুকাৰ দিনা ৰাতি সেই ঘৰত সকলোৱে মিলি ভোজ-ভাত খায়। গাঁৱৰ জীয়ৰী-বোৱাৰী, বুঢ়া-মেঠাসকলেও ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ-ভাত খায়। গৰখীয়া ল’ৰাহঁতে নিশা ভোজ-ভাত খাই মেজি ঘৰতে থাকে। ৰাতিপুৱা দোকমোকালিতে নৈ বা পুখুৰীত গা ধুই আহি তামোল-পাণ এযোৰ বা হীহকণী এযোৰ মেজিৰ জুইলৈ আগবঢ়াই মেজি ঘৰ বা মেজিত জুই দিয়ে। এই মেজি পোৰা উৎসৱ আচলতে অগ্নি পূজাৰ এটা ৰূপ।

বহাগ বিহুঃ

চ’ত মাহৰ শেষৰ দিনটোত বহাগ বিহু হয়; কিন্তু এই বিহু এদিনতে শেষ নহয়। বহাগ মাহৰ ৬ তাৰিখলৈ মুঠতে ৭ দিন বহাগ বিহু উদ্‌যাপন হয়। বিহুৰ প্ৰথম দিনক গৰু বিহু বোলে। সেইদিনা ৰাতিপুৱা গৰখীয়া বা গিৰিহঁতে নৈ, বিল, পুখুৰী বা নলাত গৰুক গা ধুৱায়। গা ধুৱাবৰ সময়ত গায় – লাউ খা বেঙেনাখা, বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু।

এই মন্ত্ৰ মাতি ঘৰতে কাটি যতনাই নিয়া দীঘল পানীলাউ আৰু দীঘল বেঙেনাৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই দিয়ে। লগে লগে দীঘলতি আৰু মাখিলতি গছৰ পাত থকা ডালেৰে গৰুবোৰক আবদাৰ কৰি কোবাই দিয়ে। গধূলি নতুন পথাৰে বিহুৱান দিয়ে। বহাগ বিহুৰ অইন এটা দিশ হৈছে বিহুগীত আৰু হুঁচৰি। ডেকা ল’ৰাহঁতে গোটেই চ’ত মাহতে এসময়ত গধূলি ঘৰে ঘৰে হুঁচৰি গাই ফুৰিছিল। গৃহস্থসকলে যিয়ে যি পাৰে পাপইচা, গামোচা, শৰাই দি হুঁচৰি দলক সন্তুষ্ট কৰিছিল। আজিকালি ইয়াৰ পয়োভৰ নোহোৱা হৈ আহিছে। বিহুৰ দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা সৰুৱে ডাঙৰক সেৱা-সন্মান জনায়।

বিহুৰ সপ্তম দিনলৈ ডেকা-গাভৰুহঁতে বিহুগীত গায় আৰু নাচে। মুকলি পথাৰ, নৈৰ ঘাট আদিত সমূহীয়াভাৱে বিহুনাচ নাচে আৰু গীত গায়। বিহুৰ বতৰত বিহুগীতৰ যোগে মনৰ দুখ-বেদনা বা আনন্দৰ ভাব প্ৰকাশ কৰে।এই বিহুৰ সময়ত খেতি-পথাৰত পৰিশ্ৰম নাথাকে, খোৱা-লোৱাৰো নাটনি নাথাকে, বতৰ ফৰকাল থাকে। সেইবাবে এই বিহুক ৰঙালী বিহু বোলে। পুৰণি কালত আহোম ৰজাসকলৰ দিনত বিহুৰ বতৰত ম’হ যুঁজ, শেন যুঁজ আদিৰ প্ৰতিযোগিতা হৈছিল। বহাগ বিহুক কৃষি উৎসৱ বা খাতু উৎসৱ বুলিব পাৰি।

কাতি বিহু:

আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত: মানুহৰ খোৱা-লোৱাৰ নাটনি হয়৷ নতুন শস্য চপোৱাৰ সময় নহয়। বাৰিষাৰ পৰিশ্ৰমৰ অন্তত মানুহৰ শৰীৰ-মন ভাগি পৰে। এই বিহুত ৰং-ৰহইচ বা খোৱা-লোৱাৰ ধুমধাম নাথাকে। সেই কাৰণে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুৰ দিনা গোসীই ঢাপত তুলসী পুলি ৰুই আকাশবস্তি জুলাই লখিমীক আদৰ৷| হয়।

সামৰণি:

বছৰৰ বিভিন্ন সময়ত পালন কৰা এই তিনিটা বিহুৱেই আমাৰ অসমীয়াসকলৰ জাতীয় উৎসৱ। আমি আমাৰ বিহুক ভাল পাওঁ। একালৰ গাঁৱৰ পথাৰৰ, নদীঘাটৰ বিহু বৰ্তমান নগৰীয়া সভ্যতাৰ প্ৰসাৰৰ লিগে লগে মঞ্চত প্ৰৱেশ কৰিলেও বিহুৰ স্বকীয়তা ৰক্ষা পৰাটো আমি আশা কৰোঁ।

1 thought on “অসমৰ জাতীয় উৎসৱ (বিহু) – ৰচনা | Essay on Bihu in Assamese”

Leave a Reply

Your email address will not be published.